পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
কানীয়াৰ কীৰ্ত্তন

 পিয়। — আৰে! হামি চুনিছে, নাইপিয়া খাইলে ৰাজাকা বেজ ভি চাইবাৰ নোৱাৰে।

 বিকা। — ভয় নাই! নাইপিয়া গল; এতিয়া সেই খুঁটাৰ গুৰিত বহাঁ।

 পি। — (এমুঠা খেৰৰ ওপৰত বৰ খুঁটাত আউজি বহি) ৰে, মানুহ মৌজাদাৰ কত গেল্‌ ৰে?

 বিকা। — কেলেই? শুই আছে, আমাৰ ডাঙ্গৰীয়া কিবা আমোলাবোৰৰ নিচিনা চাকৰ নে, বেলি থাকোঁতেই উঠিব? আমাৰ ডাঙ্গৰীয়াৰ কছাৰী ৰাতি হে বহে।

 পি। — বৰা মৌজাদাৰ হুৱা, ঘুমাই ঘুমাই থাক্‌তা, এত্‌না ঘুমাইবাৰ মজা আভি ওলাইব; যাও, জগাও যাইয়া, আৰ কহি দেও কি হজুৰৰ পৰণা লৈকে একঠো পিয়দা আহিছে; হজুৰকা হুকুম আভি মাতিছে।

 বিকা। — (একে ঠৰে তাৰ মুখলৈ চাই মনে-মনে) ই বেজ-বৰুৱাৰ মুকলি হোৱা বন্দী, এতিয়া বুকুত চাপ-ৰাচ এখান বান্ধিবলৈ পাই্ মাটিত ভৰি নিদিয়া হ’ল। (ফুটাই) তুমি বৰুৱাৰ ঘৰৰ ৰণু কাইৰ পিতেক ঘিণলগা নোহোৱাঁ নে?

 পি। — হাঁ, তব্‌ কিয়া?

 বিকা। — তোমাৰ মাত আৰু সাজ ইমান লৰিছে যে, তোমাক চিনাই টান হৈছে।

 পি। — হাঁ, হামিলোক হজুৰমে থাকে, হামিলোক