পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
কানীয়াৰ কীৰ্ত্তন

হনু কোনোবাই সবাহ পাতি আফুতলী-মাটিৰ পূৰাত পাঁচ টকা খাজনা লগাবলৈ আৰ্জী কৰিছে। সেয়ে হক মাথোন কানি-খোৱাৰ মূৰ মৰিব।

 বিহু আৰু কাতী। — কানি খাবলৈ নে পাই কেও ন মৰে। কানি যেন বস্তুত্‌কৈ বস্তু নাই। কানীয়া-ভকত্‌কৈ ভকত নাই। আমাৰ দেশৰ সন্তৰেপৰা মহন্তলৈকে কানি-নোখোৱা লোক কোন আছে? সেই সকলৰ শাও লাগি সেই আৰ্জী দিয়াবোৰ হে তেনেই তললৈ যাব।

 মঙ্গ। — ককাই, মই এতিয়া যাওঁ, গা-টো কেনেবা কৰিছে, অলপমান পৰি থাকোঁ গৈ। ডাঙ্গৰীয়াই বপাৰ হৈ কিবা কৰাব খুজিছে, কাইলৈ ৰাতি-পুৱাই পকা কল এথোকা লাগে, গাওঁত বিচাৰি সোনকালে লৈ যাবি, নিনিলে খং কৰিব।

 বিহু। — বাৰু, যা, গাওঁত পাওঁ যদি নিম, নে পালে কি কৰিম? সেই বাবে কাটি পেলাব নোৱাৰে।

(তিনিওৰো প্ৰস্থান)