পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় দৰ্শন

—ঃ০ঃ—

বিহুৱা একেলাৰ ঘৰ।

 (বিহুৱা আৰু চুবুৰিয়া কাতীয়াই পাণৰ টিকিৰা পুৰিছে)।

 (বাহিৰৰ পৰা) বিহুৱা' কাই, ঘৰত আছ নে অ?

 বিহু। — কোন অ! সেইটো? সন্ধ্যাবেলিকা কন্ধৰ নিচিনাকৈ চিঞৰিবলৈ আহিছে?

 কাতীয়া। — ডাঙ্গৰীয়াৰ ঘৰত মঙ্গলাৰ মাত যেন শুনিছোঁ, মঙ্গলা কাই নে সেইটি?

 মঙ্গলা। — এৰা, বুপাই।

 কাতী। — আহ ককাই, ভিতৰলৈ আহ।

(মঙ্গলাৰ প্ৰবেশ)

 মঙ্গলা। — কি কৰিছ ককাই?

 বিহু। — এ! কি সোধ বুপাই? দিনৰ দিনটো টলৌ-টলৌকৈ খাজনা সাধি ভাগৰ লাগি আহিছে। তাতে কানিৰ টিকিৰা দুটামান পুৰিবলৈ ধৰিছোঁ, বোলোঁ, গা-টো অলপ লঘু লাগক।

 মঙ্গলা। — ময়ো বুপাই, কালি ভাৰ এখন আনিলোঁ,