পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
কানীয়াৰ কীৰ্ত্তন

ঘৰ হে হৈছে। কঁঠাল এঠাত মাখিৰ দৰে তেওঁ লাগি পৰিছে, এৰাবই নোৱাৰে।

(কীৰ্ত্তিৰ প্ৰবেশ।)

  ৰতি। — উস্‌! ডেকা বৰুৱা, তুমি ভালেমান দিন জীবা হে, নাও কওঁতেই ওলালাহি।

  পাণ। — গালি পৰা হলে শুনিলেইহেঁতেন।

  কীৰ্ত্তি। — কুটুমটী, এনে কোমল মুখৰ গালিয়েও জেঠ মহীয়া খৰত শুকাই থকা মাটিত বৰষুণ পৰাতকৈও গাটো শীতল কৰে।

  ৰতি। — এতেবেলি আমাৰ সভাখান বাঁজী হৈ আছিল, এতিয়া হে গুটি ধৰিব। আজি নো তুমি কলৈ গৈছিলা হে?

  কীৰ্ত্তি। — এহ! কি সোধাঁ দেও? বাটতে লৰি-গোহাঁই-দেওক পালোঁ। মই একোৰূপে নে যাওঁ, তেও তেওঁ চন্দ্ৰীৰ ঘৰলৈ ধৰি লৈ গল, তাতে পাণ খাই বহি থাকোঁতেই ইমান ৰাতি হল। একোৰূপে এৰিয়েই নি দিয়ে, বাহিৰলৈ যাওঁ বুলি হে সাৰি আহিছোঁ।

  পাণ। — আমি আকও লঙ্গৰ ঘৰত ৰাস হৈছিল বুলি হে ভাবিছিলোঁ। আজি-কালি তোমাৰ সেই ফাললৈ হে বৰ ধাউতি হৈছে।

  কীৰ্ত্তি। — (মিঢিকিয়াই হাঁহি) প্ৰাণ, ৰাধা-নোহো-