পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
কানীয়াৰ কীৰ্ত্তন

পদুমৰ পাহি সৰি মাটিত পৰিল।
তাৰ ভৰত স্বৰ্গ-মৰ্ত্ত্য-পাতাল লৰিল॥
পদুমলৈ চাই পাচে প্ৰভু চক্ৰপাণি।
মেঘৰ গম্ভীৰ-স্বৰে বুলিলন্ত বাণী।
মোৰ হাত হন্তে তই পৰিলি মাটিত।
বৈকোণ্ঠৰ যুগই তই নহ কদাচিত॥
পৃথিৱীত গৈ তই জনম ধৰিবি।
আফু নামে জগতত সদা খ্যাত হবি।
"আ" পদে আকাশ স্বৰগ নাম যাৰ।
"ফু" পদে ফুলক বোলে, এই অৰ্থ তাৰ॥
দুই শব্দৰ অৰ্থ হয় স্বৰ্গৰ ফুল।
এই হেতু হব তোৰ শকতি অতুল॥
নৰ, নাৰী, ৰজা, প্ৰজা, সাধু, মহাজন।
সকলোৱে তোক তাত কৰিব ভোজন॥
তোৰ ৰস যিটো লোকে ন কৰিব সেৱা।
সকলোৱে বুলিব তাক "অৰসিক ভেবা"॥
ঢোপৰ ভিতৰে তোৰ হব যত গুটি।
তোৰ ৰসৰ বশ মনিচ্‌ তত কুটি॥
পাণৰ লগত মিলাই তোৰ এঠা।
ধোঁৱা খাই পাহৰিব সংসাৰৰ লেঠা॥
যত কাল তই গাত কৰিবি নিবাস।
মানুহৰ নে থাকিব স্বৰ্গ অভিলাষ॥