পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
কানীয়াৰ কীৰ্ত্তন

যেনে কোমল হাত লাগিছে, পাণ ভাল ন হব কিয়? অন্নপূৰ্ণাৰ পাক কেতিয়াবা বেয়া হয় নে?

  ৰতি। — (পাণৰ মুখলৈ চাই) প্ৰাণ! আজি পাণ তুমি কৰি ছিলা নে?

  পাণ — (মুচুকিয়াই হাঁহি) এৰা, তোমালোকে নিতৌ পাণ বেয়া হয় বুলি কোৱাঁ, সেই দেখি আজি আপুনি কৰিলোঁ।

  এতি। — তেন্তে পাণৰ টিকিৰাই-পতি একোটা চুমা (পাণৰ চাকিত চুমা)।

 মতি। — মানুহ জনম ধৰি এনে পাণৰ সোৱাদ যি নেপালে, তাৰ জীৱনেই অসাৰ্থক।

 হলধৰ কাকতী। — স্বৰূপ কথা, গুণীয়ে হে গুণ বুজে। পৃধিৱীৰ সমুদায় মিষ্ট বস্তুৱেও আজিৰ কেইটা পাণৰ টিকিৰাৰ লগ নে পায়।

 ৰতি। — গোহাঁই দেও, সিদিনা কিনাৰাম বহুৱাই কানিৰ গুণ বৰ্ণাই যে পদ কৰিছিল, তোমাৰ মনত আছে নে?

 মতি। — মই আওৰাইছিলোঁ, পাহৰিলোঁ হবলা, এবা, মাতোচোন; —

স্বৰগত আছিল বহি প্ৰভু চিৰী হৰি।
চাৰি হাতে শংখ-চক্ৰ-গদা-পদুম ধৰি॥