পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
কানীয়াৰ কীৰ্ত্তন

কানীয়া মানুহৰ ভকতি নিসিজে, কিয়নো কানীয়াই সকলোকে এৰি কানিকে হে মাথোন ভজে। তাকে কৰিলেই ইহকালত দুখ, পৰকালত জীৱটি নৰকী হয় আৰু তোমালোক দুয়ো একেলগে হৰি-সমুখ হৈছাহঁক, এতেকে এজন আন জনৰ হৰি-ভকত হলা, তোমালোকে দন্দ-খৰিয়াল ন কৰিবা, ই জনে সি জনৰ হিত হে চিন্তিবা। এতিয়া তৰিবৰ ঘাই উপায় কওঁ, শুনাহঁক। শাস্ত্ৰে বুলিছে, 'গুৰু বৰ্হ্‌মা, গুৰু বিষ্টো, গুৰু মহেচৰ, চৰাচৰ জগতৰ গুৰু সে ঈচৰ।' গুৰু এনে বস্তু, গুৰু যেন বস্তুত কৈ বস্তু নাই। গুৰু তুষ্ট হলেই ভুকুতি, মুকুতি, সমস্ত হয়। গুৰু ৰুষ্ট হলে সকলো নাশ হয়। এতেকে দেহ, প্ৰাণ, ধন, বস্তু, সকলোকে দিইও গুৰুক তুষ্ট কৰিবা। গুৰুতকৈ ডাঙ্গৰ একো নাই। ইয়াক নে পাহৰিবা।

শিচ। — পৰ্ভু ঈষ্পৰে যি জ্ঞান দিয়া গৈছে, তাক আমি দেহে-কেহে পালিমহঁক।

পদ্ম। — সজ কথা। গৃহস্ত-বস্তুৱে তোমালোকক কুশলে ৰাখিবন্ত; এতিয়া যোৱাঁহঁক, আমিও নাম-পৰ্সং কৰোঁহঁক গৈ।

(সকলোৰে প্ৰস্থান)