পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
কানীয়াৰ কীৰ্ত্তন

মূৰ্ত্তিক সেৱা-নমঃকাৰ ন কৰিবা, কেৱল দুজনা গুৰুৱে কৰা এখনি কীৰ্ত্তন, ঘোষা বা ৰত্নাবলৈ শাস্ত্ৰ এখনি ঠগিৰ ওপৰত থৈ থাপনি পাতিবা, ৰাতিপুৱা গুৰুসেৱাৰ অন্তত তালৈ মূৰ দোৱাঁই নমঃকাৰ কৰিবা; তেহে গুৰুসেৱাখিনি পূৰ হ'ব। ই গল ভকতিৰ কথা, এতিয়া সদাচাৰৰ কথা কওঁ, শুনাহঁক। যেনেকৈ খুঁটা ন হলে ঘৰ ন ৰয়, তেনেকৈ সদাচাৰ ন হলে ভকতি ন ৰয়। এতেকে সদাচাৰ খিনি নেৰিবা। ৰাতিপুৱা গা ধুই গুৰুসেৱাৰ অন্তত ভোজন নকৰামানে একো বিধুতি বস্তু নুছুবা; নসৰা, নমচা ঠাইলৈ নে যাবা। তাকে কৰিলে বিধুতি হবা। বিধুতি গাৰে একো খাব নে পায়; পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গলেও বিধুতি গাৰে এটুপি পানীকো নে খাবা। আৰু ফুৰা হলে দুকুৰি-তিনিকুৰি বাৰমান হাতত মাটি-পানী ঘঁহি গা-টি ধুবা। তেহে শুচি হবা। আৰু কানি, ভাং, ধূঁৱাপাত, ফটিকা, এইবোৰ আমাৰ পন্থত বৰ বৰ্জ্জিত, সেইবোৰ ছুলেও জাতি যায়, ভকতিযে নে থাকেই, দেহ প্ৰাণ দুয়ো নৰকী হয়। গুৰুজনে বুলিছন্ত— "কানি, ভাং, মদ, ফটিকা আৰু ধূঁৱাপাত। সকলোৰে মূৰত হউক বৰ্জ্জপাত।" সেইবোৰ বস্তুত গুৰুজনৰ শাপ আছে; এতেকে ফটিকাৰ কথাকে ন কওঁ, সি হিন্দুৰ জাতি-ধৰমৰ বৰ-বিহ; কানি, ভাং, আৰু ধূঁৱাপাত এই কেইটা বস্তু, ঘাইকৈ কানি, বেজে অষধ বুলি দিলেও গৰ্হণ ন কৰিবা।