পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
কানীয়াৰ কীৰ্ত্তন

 পদ্ম। — (থঙ্গাত বহি মনে-মনে) এই মানুহটি ভাল, দেহ-প্ৰাণ লগাই থানৰ হিত চিন্তে। আমাক দৰব-ফেৰি খোৱা দেখি জানিবা আমাত চৰ্ধাভক্তি-খিনি অলপ লৰফৰ হৈছিল। পাচত যেতিয়া আমি "সৰ্ব্বভইখ অগনি যেন সবাকো শোষে। মহন্তক কি কৰিব ইসব দোষে," শাস্ত্ৰৰ এই বচন মাতি বুজাই দিলোঁ যে সন্ত মহন্তৰ ঘাইকৈ মহাপুৰুষ-গুৰুৰ শুধ, সত সেৱকক এনে ক্ষুদ্ৰ পাপে পৰ্শিব নোৱাৰে, এই কথা গুৰুজনে নিজ মুখে কহিছন্ত, তেতিয়াৰ পৰা তাৰ ভকতি-খিনি আগতকৈও দিৰিঢ় হল। আৰু এইবোৰ কামত তাৰ নিজৰ লাভ আছে, সি কাৰবাৰ ন কৰিব কিয়?

(দুজন মানুহেৰে সৈতে খাটনিয়াৰৰ প্ৰবেশ) [সকলোৰে প্ৰণাম]

 পদ্ম। — কুশল হোক।

 চিদা। — পৰ্ভু ঈষ্পৰ! এইটি মণি বৰাৰ পিতেক ধনী, আৰু এইটি অনু টেকেলাৰ পিতেক মনু, মহাপুৰুষ-গুৰুৰ শুধ, সত ধৰমৰ আশ্ৰয় লবলৈ দুখানি চৰণৰ কাষলৈ আহিছে।

 পদ্ম। — সজ কৰা গৈছে। নাম যেন বস্তুতকৈ বস্তু নাই, মহাপুৰুষ-গুৰুৰ ধৰমতকৈ ধৰম নাই। এই ধৰমত

ভুকুতি, মুকুতি দুইকো পোৱা যায়, অইন পন্থত প্ৰবৰ্ত্তিলে