পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
কানীয়াৰ কীৰ্ত্তন

 পদ্ম। — পাণ-বৰীয়া গোসাঁইৰ ইমান শিচ, ইমান ধন, তেও হেঁপাহেই ন পলায়, লোকৰ শিচৰ লোভ সামৰিব নোৱাৰে, আজি-কালি মহন্তসকলৰ আক্ৰোহ দেখিলেই ভয় লাগে। সিবিলাকে আৰু শিচক কি তৰাব? পাচে অৰিহণাৰ বাবে সিহঁতে কি দিছে?

 চিদা। — (মনে-মনে, —ছটকা ৰূপ পাইছোঁ, কেয়ো টকাৰ কথা ন কওঁ, কলে কানীয়া মহাজনে এটাইখিনি খুজিব পাৰে; ফুটাই) পৰ্ভু ঈষ্পৰ! দুইৰো মাজত পাঁচ টকি ৰূপ পোৱা হৈছে। এতিয়া অধিক বিচৰা ভাল নহয়। সিহঁত চহকী মানুহ; মাটি, বাৰী, মহ, গৰু সকলো আছে, শিচ হলে সিহঁত আমাৰ বাৰে-মহীয়া বেঙ্গেনা বাৰী হব।

 পদ্ম। — সজ, তিন টকা একাধলি ঈশ্বৰৰ থানলৈ দি এটকি নিজে লোৱা যাব, আৰু একাধলিৰ লোণ আনি ভকতসকলক বাঁটি দিব। সকলোৱে একোফেৰি পাব লাগে, তেহে ভাল। এতিয়া সোনকালে সিহঁতক অনা যাওক, পলম হলে কালইখন লাগিব, আমাৰ মহাপুৰুষ গুৰুৰ শুধ, সত ধৰমক কালইখনে ছুবনোৱাৰে হয়, তেও শুভ কাম শুভ খেণত হোৱা ভাল।

 চিদা। — পৰ্ভু ঈষ্পৰ! সিহঁতক গা ধুৱাই শুচি সংযম কৰি বহাত থৈ অহা হৈছে, এতিয়াই অনা যাব।

(খাটনিয়াৰৰ প্ৰস্থান)