এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
কানীয়াৰ কীৰ্ত্তন
কীৰ্ত্তি। — (জল-পানৰ বস্তু আগত দি) ইয়াতে গাখীৰ-কল আছে, তাৰেই তিতা মাৰোক।
পদ্ম। — (জলপান মুখত দি) ৰাম! ৰাম! এতিয়া হে তত পাইছোঁ। দৰব-ফেৰি বাৰু, খাই দিয়া মাত্ৰেই পেটৰ কামোৰটোৱে শাম কাটিলে।
কীৰ্ত্তি। — মুখ ধুই গুৱা ভোজন কৰোক।
পদ্ম। — বাপা! এতিয়া গুৱা-ভোজন কৰা নে যায়, ফুৰা গা। নোৱাৰাত থাকি জানিবা দৰবফেৰি খোৱা গল, তাতে বৰ তিতা লাগিল দেখি গাখীৰ-কলেৰে তিতাটো মাৰিলোঁহঁক; আকও গুৱাভোজন কৰিলে সদাচাৰ কৰিলে কত ৰব?
কীৰ্ত্তি। — (মনে-মনে) কি ভণ্ড তপস্বী! বাহিৰত সদাচাৰ-সদাচাৰ কৰি মৰে, ভিতৰত যত অকৰ্ম্ম এটাইবোৰ কৰে। এইবিধ মানুহক চিনাই টান।
পদ্ম। — বাপা! গৃহস্তৰ চৰণে কুশল কৰোক, আমি এতিয়া বিদায় লওঁহঁক।
কীৰ্ত্তি। — ভাল গোসাঁই দেউ।
(দুইৰো প্ৰস্থান)
