পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দ্বিতীয় দৰ্শন।
⸺:* :⸺
ভদ্ৰেশ্বৰ বৰুৱাৰ গোসাঁই ঘৰ।

মহন্ত আৰু কীৰ্ত্তিৰ প্ৰবেশ।

 কীৰ্ত্তি। — (বাখনেজী-থঙ্গা লৈ আঙ্গুলিয়াই) গোসাঁই দেউ, তাতে বহোক।

 পদ্ম। — ভাল বাপা। মহা-পুৰুষ গুৰু, (উপবেশন।)

 কীৰ্ত্তি। — (এটা মলা আৰু পানী আগত থৈ) ইয়াতে দৰব-ফেৰি মেলি লওক।

 পদ্ম। — (পেটত হাত দি মুখ বিকটাই) উস! ৰাম! পেটৰ কামোৰত দেহ যায়।

 কীৰ্ত্তি। — সোনকালে দৰব খাওক, সকাহ পাব।

[মহাজনে কানি মোহাৰিবলৈ ধৰিলে।]

 কীৰ্ত্তি। — (মনে-মনে) আজি কালি দেখোঁ কানি-নোখোৱা কেও নাই; ইয়াত নো কি গুণটো আছে খাই চাব লগিছে।

 পদ্ম। — কানিৰ ৰস টোপা সোহা মাৰি মুখ বিকটাই, [তপালি, তপালি] বাপা! বৰ তিতা! গৰ্ভলৈকে তিতা কৰিলে। কি আছে আনা, তিতাটো মাৰোঁ।