পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
কানীয়াৰ কীৰ্ত্তন

আৰু শিচক কি তাৰিব? (প্ৰকাশকৈ) গোসাঁই দেউ, আমি সেইটো বস্তুৰ ব্যৱহাৰ নকৰোঁ; তেও বাৰু পেৰাত চাওঁচোন। হেৰ মঙ্গলা অ, মঙ্গলা!

(ভিতৰৰপৰা) দেউতা!

  ভদ্ৰ — হেৰ, আইটী-মাকক খুজি মোৰ হাতনি-পেৰাটো লৈ আহ।

(ভিতৰৰপৰা) ভাল দেউতা।

[পেৰাৰ সৈতে মঙ্গলাৰ প্ৰবেশ আৰু পেৰা থৈ প্ৰস্থান]

 ভদ্ৰ। — (পেৰা মেলি) গোসাঁই দেউ, আপোনাৰ কপাল ভাল, ইয়াতে ভাল কানি এটা আছে, ধৰোক।

 পদ্ম — [কানি লৈ] ডাঙ্গৰীয়া বাপু, পেটৰ কামোৰত তত নাই, গাটোৱে টগবগাব লাগিছে। উপায় হোৱা হলে অলপমান ইয়াতে খাই যোৱা হলহঁতেন।

 ভদ্ৰ — ভাল গোসাঁই দেউ। হৈৰ বাপা অ! কীৰ্ত্তি।

(ভিতৰৰপৰা) দেউতা!

 ভদ্ৰ। — এখেলৈ আহ।

কীৰ্ত্তিকান্তৰ প্ৰবেশ।

 ভদ্ৰ। — আমাৰ গোসাঁই দেউক দৰব খাবলৈ উপায় কৰি দে গৈ।

 কীৰ্ত্তি। — ভাল। গোসাঁই দেউ অহা যাওক।

 পদ্ম। — বাৰু বাপা বলা। গাটো হে জানিবা বিধুতি; তেও দৰব খোৱাত দাই নাই।