এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

———:(o):———
প্ৰথম অঙ্ক।
——:(o):——
প্ৰথম দৰ্শন।
——o——
ভদ্ৰেশ্বৰ বৰুৱাৰ চৰা-ঘৰ।
(যোৰ-পাটী-ঢৰাত বৰ গাঁৰু আৰু আগত তামোলৰ বঁটা লৈ ভদ্ৰশ্বৰ উপবিষ্ট।)
পদ্মপাণি মহন্তৰ প্ৰবেশ।ভদ্ৰেশ্বৰ। — গোসাঁই দেউ বহোক, ভালেমান দিন দেখোঁ দেখা নাই, কলৈ নো যোৱা হৈছিল?
পদ্মপাণি। — কৃষ্ণ শঙ্কৰ, (থঙ্গাত উপবেশন) ডাঙ্গৰীয়া