পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

ছন্ন হাত এক জলে চাৰি আঙ্গুলভ। এই ভালি টাৰ লৈয়া বুজিবহা তত্ত্ব। টাৰ যে কিছু যদি বঢ়া টুটা হয়। ক্ষয় বৃদ্ধি কৰি তাক লইবা নিশ্চয়। চোক পােপ গণ্ডাক ষে এহিমতে জান। কিতাপত চাইয়া আৰু লৈয়ােক প্রমাণ। দীঘে এক শত টাৰ জানিবা নিশ্চয়। পথালী জুথিলা এক আঙ্গুল আছয়। কহিয়ে কায়স্থ সব ইহাক যে চাই। কত পানি মাটি ভৈলা কহিও বজায় শুনিয়া কায়স্থে পাছে মনে গুনি চাইল। এক অণিক যে দুগুণ কৰিলা। সেহি দুগুণ আঙ্গুল দুই গণ্ডা কৰি। শতেকত তুলিবাহ কহাে নিঃ কৰি । দুই চোক দুই পােণ তাহাতে জানি। আৰু লেছা কুৰি আঙুলক ভেট পাইবা । এহি মতে যত আঙুল যে হোৱয়। দুগুণ কৰিয়া তাত বুজিবা নিশ্চয়। পূৰ্ব্ব মহাজনে আক নিবন্ধুি আছয়। প্রবন্ধে জ্যোতিষ যে চুড়ামনি কয়।