পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৫৭ ] এহি দৰে যত হােৱে কৰিবা তাহাকে । ৰূপৰ যে সেহি পৰ কৰিবাহা সাৰে। দৰৰ প্ৰমাণ তাক বুজিবা সত্বৰে। যত ভাগ দৰ বিপ্ন তত ভাগ কৰি। দৰ বুজি শেষে যত দিবা শীয় কবি। দৰে দৰে ভাগক যে পূৰি চাহিয়েক । এক কৰিয়। তাতে ৰূপ তানিয়ােক। ইটো কথা এহিমানে সংহৰিয়া থওঁ। পিলৰ কথা কিছু সংস্থাপিয়া কওঁ । পিয়শ প্রথমে দীর্ঘ প্রস্থ তাক লেখি লৈ । প্রথম অঙ্ক লৈয়া সেই দীর্ঘত পূৰিব । এক কৰি তাক ফালি কৰি জান। চাৰি শতে হৰিলত পূৰায় প্রমাণ। পূৰা দোণ কঠা লেছা তাতে বুজি লৈবা। পকা কেচা লেছা কম খানি তাহাতে বুজিব। ষােল্প দিয়া তুলিলত কেচা লেছা হয় । চাৰি শতে হৰিলত লাহিকে সংশয়। পাচ কঠাই যদি দোনক যে ধৰে। কেচা কঠা বুলি তাক জানিবাহা সাৰে। পচিশ গাই পকা জানিবা নিকর । কুৰি গণ্ডায় কেচা যে নাহিকে সংশয়।