পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আটি সত্ৰেদি আহোঁতে ব্ৰহ্মপুত্ৰৰ নাৱৰ ঘটনা মনত পৰিলে গা শিয়ঁৰি উঠে। ১৯২৩ চনত বৰদিনৰ বন্ধত খৰুপতীয়া ঘাটৰ পৰা মঙ্গলদইৰ ( টেঙাবাৰীৰ ছপাইৰ মৌজাদাৰ) শ্ৰীযুত আনন্দি ধৰ চৌধুৰী মহাশয়ৰ ঘৰ পাওঁতে ৰাতি এটা বাজিছিল। সিদিনাৰ বাঘৰ প্ৰকোপৰ ঘটনা ও উল্লেখ কৰিব লগা।
 আমি ঘূৰি পকি যিবােৰ অঙ্ক পালোঁ তাক ইয়াত বুজাই লিখা হৈছে। ইয়াৰ উত্তৰ, টোকা আমি নিজে নিজে কৰিছোঁ; ভুল হবও পাৰে। প্ৰকৃততে বহুত শব্দৰ অৰ্থ অঙ্কৰ উত্তৰ হােৱা নাই। আশা যেন কিতাপ পঢ়ি ৰাইজে আমাক জনায়।
 পুৰণি অঙ্কৰ অস্তিত্ব সংৰক্ষণৰ একান্ত প্রয়ােজন বুলি ভাবি আমাৰ মন ক্ৰমাৎ উজায়। কৌতুকপূর্ণ অঙ্ক দেখি কৌতুক হয়। সেয়ে ইয়াৰ সংগ্ৰহৰ প্ৰধান কাৰণ।
 বহুখিনি অঙ্ক গাৱঁৰ বুঢ়াৰ মুখৰ পৰা শুনি লিখা হৈছে। সেয়েহে প্রতি লিখকৰ অঙ্ক ভাগে ভাগে লানি লগাকৈ উলিয়াব পৰা নাই। কিন্তু আমি হলে যত্ন কৰি আছোঁ। আমি অনুসন্ধানৰ দ্বাৰাই জানিব পাৰিছোঁ যে এনেকুৱা বহুত অঙ্ক সংগ্রহ কৰা হােৱা নাই। বহুত বাকী থকা বুলি আমাৰ বিশ্বাস। বহুত অঙ্কপুথি (অন্যান্য পুথিও) বহুতৰ চাঙত পৰি এলাঙ্কু লাগি নিগনিৰ আধাৰ হৈ আছে। বহুত পুথিৰ বাকচত শাপ সােমাই থকাও দেখা যায়। (শুকাইকুছিৰ শ্ৰীযুত মাণিক সেন চৌধুৰীৰ পুথি এখন চাওঁতে এই আচৰিত তথ্য ওলাইছিল। ইং ১৯২৪ ১লা জানুৱাৰী)।
 পুৰনি পুথি শিলালিপি আদিৰ তত্ত্ব অনুসন্ধানৰ বাবে এসময়ত ”অসাম গবর্ণমেন্টে” উপমুক্ত কৰ্ম্মচাৰী নিয়ােগ কৰিছিল কিন্তু এই অঙ্কবােৰৰ নাম গোন্ধ নােহােৱাটো ভাবিব লগা কথা।