পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাতনি

 ইংৰাজ আমােলৰ আগ ভাগলৈ কায়স্থ সকলে দেশী ভাষাত শিক্ষাদান কাৰ্য কৰিছিল৷ এই শিক্ষকতা কৰা লোক সকল প্ৰায়ে কায়স্থ জাতিৰ আছিল৷ এই সকলে লৰা-ছোৱালীক পঢ়িবলৈ শিকোৱাৰ লগে লগে, হিচাব কৰিবলৈ অঙ্কও শিকাইছিল৷ তেতিয়া পণ্ডিত সকলে গাঁৱে ২ লৰা পঢ়াইছিল৷ আৰু তাৰ নাম দিছিল পঢ়াশালী৷ তাত ক ফলা স্কফলা, সিদ্ধি ফলা, আকাৰ ফলা, নামখৰি ভাঙা আদি ফলা শিকাইছিল৷ হিচাব সম্বন্ধেও আঠকঠা দশাঙ্ক, বিদ্যাউঠি, পিয়ল, পঞ্চক আদি শিকাইছিল৷ 'লীলাৱতী' ‘শুভঙ্কৰী' নামৰ অঙ্কৰ সাঁচিপতীয়া পুথিয়েই তেতিয়াৰ লেখৰ পুথি৷ এই পুথিৰ অঙ্ক কিছু “চেতনা-প্ৰভাত” পত্ৰিকাত প্ৰকাশ হৈছে।
 এই অঙ্ক চৰ্চ্চাকৰা পণ্ডিতৰ ভিতৰত জ্যোতিষ চুড়ামণি, কচিচুড়ামণি, ৰছিনাঠাকুৰ, আচাঙ্গাৰ, বকুল কায়স্থ, শুভঙ্কৰী, কৰ্ত্তিক-মগুৰ-কাই, প্ৰধান৷ বকুলৰ অঙ্কৰ-পদ্যবোৰ বৰ চমৎকাৰ৷ তেওঁ এখন ভূমি পৰিমাণ বিষয়ক পুথি লিখাও শুনা যায়৷ (১৯১৫ ইং মাৰ্চ্চ মাহত ২৩ তাং) স্বৰ্গীয় পণ্ডিত ৺হেমচন্দ্ৰ গোস্বামী দেৱে আমাৰ আগত এই কথা উল্লেখ কৰিছিল৷
 আমি ১৮৪৩ শকৰ পৰা এই অঙ্কৰ অৰ্থে অনেক চেষ্টা আৰু পৰিশ্ৰম কৰিছোঁ৷ ওপৰ আসামত ফুৰি কত নেপালো নিম্ন আসামতে প্ৰায় অঙ্ক পাইছোঁ৷ এই ফুৰাৰ ভিতৰত ১৯২১৷ ২১ এপ্ৰিলত ডিব্ৰুগড় অঞ্চলত ফুৰোঁতে লিডুৰ পৰা নাগাপাহাৰত শ্ৰীযুত ৰত্নসেন চৌধুৰীৰ লগত কিছুদিন ঘূৰি ফুৰোতে ডিগবই, মাৰ্ঘেৰিতাৰ মাজত আমি ভয়ানক কষ্ট পাইছিলোঁ৷ ৷ দক্ষিণপাট সত্ৰ, কমলাবাৰী সত্ৰ আদি ঠাই ফুৰি আউনি