পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৬]
তাক দেখি অজ্ঞে পদ কৰিবাক চাওঁ৷
অভয় চৰণে যদি আজ্ঞা কিছু পাওঁ৷৷
তুমি পূৰ্ব্বে সৰস্বতী মাতৃক যে জানিলা৷
জান চক্ষে তাৰা সবে হাতে প্ৰকাশিলা৷৷
লক্ষ্মী মাতৃ বিষ্ণুগণে তুষ্ট কৰিলন্ত৷
সেই কাৰণে তাৰা দেৱ পুজনী ভৈলন্ত৷
সৰস্বতী মাতৃক যে নমস্কাৰ কৰি৷
আৰম্ভিলো পদ গুৰু আজ্ঞা শিৰে ধৰি৷
পূৰ্ব্ব হৈতে মহাজনে অঙ্ক নিবন্ধয়৷
পদবন্ধে জ্যোতিষক চুড়ামণি কয়৷
নধৰিবা দোষ আত কায়স্থ সকলে৷
ক্ষুদ্ৰ ক্ষুদ্ৰ অঙ্ক কিছু তুলিছোঁ অকলে৷৷

(১)
এক বিদ্যালয়ে কিছু আছিলেক ছাত্ৰ৷
শুনি চাহে ইসব বিদ্যাত নােহে পাত্ৰ৷৷
তথাপিতো গুৰুৰ যে আজ্ঞা কিছু পাইলা৷
ইটো শাস্ত্ৰ খানক যে চাইবাক লৈলা
সৰস্বতী মাতৃক যে নমস্কাৰ কৰি৷
আৰম্ভিলা পদ গুৰু আজ্ঞা শিৰে ধৰি৷৷
এক গুৰু: প্ৰথম নাম৷
দ্বিতীয়ে দশম স্তথা৷