পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

নাহিকে ৰস দীঘল ঠোট৷
মাংস নাহিকে হাৰ গোট৷৷
নৰৰে আহাৰ সঘনে চলে৷
সকল লােকে তাকে পূজা কৰে৷

(৪)
দুই জিহ্বা কিন্তু নােহে সপিনী৷
পঞ্চ ভ্ৰাতা কিন্তু নােহে পাঞ্চালী৷
কৃষ্ণ সাগৰে কিন্তু পিয়ে পানী৷

(৫)
এক মূৰ দুই জিহ্বা কালকুট খায়৷
খৰতৰ বেগে চলে দূৰকো নাযায়৷

(৬)
জ্যোতিষ যে আক চুড়ামী কহে৷
বালেক সবােক প্ৰতি কায়ী সকলে৷
নিন্দা নকৰিবা মহামূঢ় অল্পমতি৷
গৰুৰ সদৃশ তােৰাৰ চৰি৷
লোপ দিয়া মােৰ মতি, মনৰ লগক৷
ইয়াক কৰিলো বালক সবে সঙ্গতি৷
প্ৰথম কালত নানা মত বিদ্যা৷
মধ্যম কালে ধন উপাৰ্জ্জন৷