পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ১১৮ ] ৩। যাঠা মােণ চেনিৰ এটা বৰা। তক খাই এটা আকৰা- দিনে এক ৰতি খাই। কতদিনে বৰা ঢুকায়। ভৰ ;-১১৭১২000 দিন। ৭১। পুস্কৰিণী আছে এক ইন্দ্ৰৰ ভূবনে। ছয় গােটা কোণ তাৰ দেখিতে শােভনে। ছয় পাৰে ছয় গােট পুখুৰীৰ জান। পূর্বে বিশ্বক েতা নিৰ্ম্মিলে যতম। এক গােটা জান এৰি দিলে মহাশয় । দুই দণ্ডে পুখুৰীৰ জান শুকাই যায়। ইগােট এৰিয়া আৰু গােট এৰি দেই । চাৰি দণ্ডে জল শুকাই জল নাথকয়। ইগোট বান্ধিয়া আৰু গােট এৰি দেই। ছয়দণ্ডে জানা তাৰ জল শুকাই যায় । ইগােট বান্ধিয়া আৰু গোট এৰি দেই । জল আহি এক দণ্ডে পুখুৰী ভৰয় । ইগােট এৰিা আৰু গােট এৰি দেই। জল আহি দুই দণ্ডে পুখুৰী ভৰম্ভ ঃ সি গােট এৰিয়া আৰু জান এৰি দেই। তিনি দণ্ডে জল আহি পুখুৰী ভৰয় । একদিনা ইন্দ্ৰে ৰং চাহিবে আলিল। স্তিনি গোট জান একেলগে এৰি দিল।।