পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ১১৬ এহি কথা পাচ্ছে কায়ত সুধিলেক। জমাই সহিতে টকা কত সাধিলেক। কতেক যে গিৰি তাৰ মৌজাত আছিল। কিবা দৰে তাছাত যে ৰূপক সাধিলা কতখানি জমা তাৰ দিওক বুজায় । কেন মতে দুইগুণ ৰূপ হাতে ৰয় । কায়স্থে বোলয় কথা শুনিবা । দুইশত ত্রিশ গিৰি তাৰ মৌজাত ধৰিব । দুই ৰূপ কৰি টকা তাহাতে তুলি। এই গিৰিক্ত দুই কৰঅধিক কৰিব ? এক শত ও টকা আৰু দুই কৰা জান। এহিখানি মূলধন জমা লওক প্রমাণ। জমা বেছি তিনি গুণ ৰূপক সাধিলা। চাৰি শত ষাঠি ৰূপ দুই কৰা ভৈলা আৰু এক ভাগ ৰূপ জমাত সাধিলা। তিনিশত সাত ৰূপ তাৰ হাতে ৰৈল। এহিমতে ইটো কথা ভাঙণ কৰিলা। কিতাপ শাস্ত্ৰ আৰ এহিমানে বৈলা। সৰস্বতী মাতৃ যিটো কৃপা কৰিলেক। আপােনাৰ নিজ গুৰু আজ্ঞ ধৰিলে। কি কাৰণে পদ ইটো আমি যে কৰিলে।। সাধু বৈষ্ণব পদ শিৰত ধৰিলে।। হেম জানি সবে নৰে এৰি আন কাম। পাতোক চাষোক ডাকি বােলা ৰাম ৰাম ।