পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পুৰস্কাৰৰ সংক্ষিপ্ত বিবৰণ৷

 “কাইথেলী অঙ্কাৱলীৰ’’ সংগ্ৰাহক শ্ৰীযুক্ত দণ্ডীৰাম দত্ত
মহাশয়ে
কাইথেলী অঙ্কনো কি আৰু কেনেকৈ সংগ্ৰহ কৰা হ’ল তাৰ
বিস্তৃত বিবৰণ পাতনিত দিছে৷ অঙ্ক বিলাকৰ পৰা আগৰ দিনত অসমীয়া
কায়স্থ সকলৰ ভিতৰত গণন বিদ্যাৰ চৰ্চ্চা কেনে চমৎকাৰ আছিল
তাক বেচকৈ অনুমান কৰিব পাৰি৷ “লীলাৱতী’’ শুভঙ্কৰী আদি গণিত
পুথিত থকা প্ৰণালী সৈতে এই কাইথেলী অঙ্কৰ প্ৰণালীৰ প্ৰায় মিলে৷
সংগ্ৰাহকে অহো পুৰুষাৰ্থ কৰি অনেক ঠাইত ফুৰি এই পুৰণি কলীয়া
লেখতবলগীয়া গনন বিদ্যাৰ চানেকি উদ্ধাৰ কৰি আসমীয়াৰ প্ৰাচীন
গৌৰৱৰ নিদৰ্শন এটি ৰক্ষা কৰিছে৷ সেইবাবে তেওঁ সদৌ
অসমীয়া ৰাইজৰ ধন্যবাদৰ পাত্ৰ
৷ স্বদেশৰ
প্ৰাচীন লুপ্ত ৰত্ন উদ্ধাৰ আৰু ৰক্ষাৰ সম্পৰ্কে “দত্ত” মহাশয়ৰ এই উদ্যম
নিশ্চয় প্ৰশংসনীয়৷
 ২/ সংগ্ৰাহকে এই পুথিখনি হাতে লিখা অৱস্থাতে উপদেশ আৰু
সাহায্য পাবৰ আশাৰে আসাম সাহিত্য সভালৈ পঠাইছিল৷ কাৰ্য্য-নিৰ্ব্বাহক
সভাই পুথি খনি চাবৰ নিমিত্তে তিনিজন সভ্যৰে পৰীক্ষক সমিতি নিযুক্ত
কৰি দিছিল৷ উক্ত সমিতিৰ মন্তব্য অনুসৰি এই পুথিখনি অসমীয়াৰ
প্ৰাচীন গৌৰৱৰ চিন স্বৰূপে প্ৰকাশিত হোৱা উচিত বুলি কাৰ্য্য নিৰ্ব্বাহক
সভাই মীমাংসা কৰে; আৰু পুথি খনি প্ৰকাশ যোগ্য কৰি সুশৃঙ্খলাকৈ
সজাই দিবলৈ সংগ্ৰাহকলৈ ওভোতাই পঠাবলৈ আদেশ কৰে৷
 কাৰ্য্যনিৰ্ব্বাহক সমিতিৰ উপদেশ মতে সংগ্ৰাহকে সম্পূৰ্ণকৈ সম্পাদন
কৰি দিয়াৰ পিচত পূৰ্ব্ব নিযুক্ত সমিতিৰ সভ্যসকলকে কিতাপখনি পুনৰ