পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৵•

clan, ইয়াক সংস্কৃতত “কুল” আক অসমীয়াত “ফৈদ” বুলিব পাৰি। কলিতা পুৰণি উত্তৰ ভাৰতৰ সুবৃহৎ ক্ষত্ৰিয় জাতিৰ এটি সৰু ফৈদ।
 বৰ্ত্তমান কালতৰ দুৰ্ম্মল্যতাৰ দিনত কিতাপ ছপোৱা মৰ-সাহ বা অতি উৎসাহৰ কাম। কিন্তু তাৱ দায়িত্ব বৰপেটাৰ সকলো উমৈহতীয়া কামৰ আগ-ৰণুৱা শ্ৰীমান বনমালী দাসে ( বৰপেটা কলিতা যুবক সংঘৰ তৰফৰ পৰা ) উপযাচি লৈছে। তাৰ বাবে তেওঁ আৰু তেওঁৰ সংঘলৈ শলাগ। ছপাখানাৰ লগত সকলো বিষয়তে মধ্যস্থতা কৰিছে কটন কলেজৰ অসমীয়া সাহিত্য বিভাগৰ প্ৰধান অধ্যাপক শ্ৰীমান বিৰিঞ্চিকুমাৰ বৰুৱা, এম. এ; বি, এল, দেবে। শেষ প্ৰফখন চোৱাত বাজে ছপাখানাৰ লগত বৰুৱাদেৱে কোনো কাম মোলৈ এৰা নাই। বৰুৱাদেৱৰ শলাগ আৰু কি লম, আৰব্য উপস্থাসৰ সিন্দবাদ নাৱৰীয়াৰ কান্ধত বুঢ়া এটি উঠি ননমাৰ দৰে মোৰ পাতনিৰ কান্ধত বৰুৱাদেৱ সৰ্ব্বদায় বিৰাজমান থাকিব বুলি কামনা কৰিছোঁ।

শ্ৰীবাণীকান্ত কাকতি

কটন কলেজ
গুৱাহাটি
৮৷৮৷৪৩