পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
সমালোচনা আৰু সামৰণি

“কোণ-ঠেসা” হৈ আছিল। শালস্তম্ভীয়সকলৰ পতনৰ পিছত তেওঁ সেই অঞ্চল এৰি আহে৷ ৰত্নপালৰ শাসনত ৰাজধানীৰ নাম আছে দুৰ্জ্জয়া বুলি। এই দুৰ্জ্জয়া বৰ্ত্তমান নগাওঁ জিলাত—দুৰ্জ্জয়াখ্যে বৰগিৰৌ ইত্যাদি (কালিকা পুৰাণ ৭৯।১৪৭)। ধৰ্ম্মপালৰ শাসনত উল্লিখিত 'কামৰূপনগৰো' নগাওঁ জিলাৰ কামপুৰ বুলি ভাবিবব কাৰণ আছে। ৰত্ন- পালৰ শাসনৰ দ্বাৰা প্ৰদত্ত ভূমি “কলঙ্গা বিষয়ান্তঃপাতী” বুলি উল্লেখ আছে। কলঙ্গা বিষয় নগাওঁৰ কলং নদীৰ ওচৰত থকা ঠাইৰ নাম।

 (৩) . ইন্দ্ৰপালৰ প্ৰথম শাসনত ‘তথাগত’ শব্দৰ ব্যবহাৰ আছে—উত্তৰেণ তথাগত-কাৰিতাদিত্যভট্টাৰকসৎকশাসন- ভবিষা ভূসীম্নি ইত্যাদি। বৌদ্ধ-শাস্ত্ৰত ‘তথাগত’ বুদ্ধৰ এটি নাম। ইয়াত অবশ্যে এজন মানুহৰ নাম, যিজনে শাসন নিৰ্ম্মাণ কৰাইছিল। ৰাম, কৃষ্ণ আদি হিন্দুনামৰ দৰে ‘তথাগত’ বৌদ্ধসমাজত মানুহৰ নাম আছিল (যেনে বুদ্ধঘোষ বুদ্ধগুপ্ত, তথাগতগুপ্ত )। শাসনৰ তলৰ শাৰীতেই “পশু- পতিকাৰিত” বুলি দক্ষিণ সীমাৰ নিৰ্ম্মাতা পশুপতি নামৰ মানুহক নিৰ্দ্দেশ কৰিছে। প্ৰকাশ্যে শৈবমতাবলম্বী হলেও, তেওঁলোকৰ ভিতৰত বৌদ্ধমতবাদ চলিব পাৰে। ৮ম শতাব্দীৰ গৌৰৰ পালবংশীসকলৰ সময়ত কলিতা-পণ্ডিত কামৰূপলৈ অনাৰ উল্লেখ বুৰঞ্জীত আছে (ছেদ ২)। উজনীৰ সীমান্ত অঞ্চলত কলিতাদেশৰ অবস্থিতিও বুবঞ্জীয়ে প্ৰমাণ