পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
কলিতা জাতিৰ ইতিবৃত্ত

আদিম জাতিবোৰৰ অভ্যুত্থানৰ হেচাত বা আন কোনো প্ৰবল জাতিৰ প্ৰতিদ্বন্দ্বিতাত তেওঁলোকৰ ৰাজ্য শদীয়া সীমান্তভূমি। লৈ হুহুকি গৈছিল৷ শদীয়াৰ পালবংশীসকলৰ ৰাজত্বৰ লোপ হয় ছুটীয়াৰ আক্ৰমণত॥৪১॥ ( ছেদ ৮ )

 এই প্ৰবন্ধৰ ৮ ছেদত উল্লেখ কৰ৷ পালবংশী ৰজাসকল উজনীৰ পৰা ভাটি অঞ্চলৰ ফালে ৰাজ্য বিস্তাৰ কৰাৰ উল্লেখ আছে। পালবংশীসকলৰ বিষয়ে মনকৰিবলগীয়া কথা এই কেইটা—

 (১) সেইবংশ প্ৰতিষ্ঠাতা ব্ৰহ্মপাল প্ৰজাসকলৰ দ্বাৰা ৰজা নিৰ্ব্বাছিত হৈছিল—“স্বামীতি প্ৰবিচিন্ত্য তৎপ্ৰকৃতয়ো ভূভাৰৰক্ষাক্ষমম্। সাগন্ধ্যাৎ পৰিচক্ৰিৰে নৰপতিং শ্ৰীব্ৰহ্ম- পালং হি যং (ৰত্নপালৰ তাম্ৰশাসন শ্লোক ৯—–১০)। ব্ৰহ্মপালৰ ৰাজত্ব কাল ১০ম শতাব্দীৰ শেষ ভাগ।৮ম শতাব্দীত গৌৰৰ বৌদ্ধ পালবংশৰ প্ৰতিষ্ঠাতা গোপাল ৰজাকো প্ৰজাসকলে নিৰ্ব্বাছন কৰিছিল। ৰজা-নিৰ্ব্বাছনৰ প্ৰথাৰ বিষয়ে চোৱা ( ছেদ ১৯)। বৌদ্ধসংঘবোৰৰ ভিতৰত নিৰ্ব্বাছন প্ৰথা এটি এৰিব নোৱাৰা নীতি।

 (২) এই বংশব পুৰন্দৰ পালে পৰশুৰামৰ বাহুবলৰ দ্বাৰা পৰাভূত ৰাজ্যৰ অৰ্থাৎ বৰ্ত্তমান পৰশুৰামকুণ্ডৰ ওচৰত থকা কোনো ৰজাৰ কন্যা দুৰ্লভাক বিয়া কৰাইছিল ( ছেদ ৮)। ব্ৰহ্মপাল আৰু তেওঁৰ পূৰ্ব্বপুৰুষসকলে “ম্লেচ্ছ” শালস্তম্ভীয়- সকলৰ ৰাজত্বৰ সময়ত তিনি শ বছৰ কাল পূব দিশতেই