পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ অধ্যায়

সমালোচনা আৰু সামৰণি

 কলিতাজাতিৰ ইতিবৃত্তৰ বিষয়ে ওপৰত যিবোৰ প্ৰমাণ- বস্তুৰ অবতাৰণা কৰা হৈছে, সেইবোৰ পৰস্পৰ অবিসম্বাদী— এটি মূলৰ কথা আন এটিয়ে সমৰ্থন কৰে। ঐতিহ্যৰ কথা বুৰঞ্জীয়ে আৰু বুৰঞ্জীৰ কথা ঐতিহ্য, জনশ্ৰুতি আদিয়ে প্ৰমাণ কৰে। স্থূলতঃ পুনৰালোচনা কৰি চালে পোৱা যায় যে কলিতা নামে জাতি এটিয়ে ভাৰতৰ মধ্যদেশৰ পৰা পূব, পশ্চিম, উত্তৰ, দক্ষিণ ফালে পৰিযাত্ৰা কৰে। আওচৰীয়া ঠাইত আশ্ৰয় গ্ৰহণ কৰাৰ কাৰণে আন জাতিৰ লগত মাৰ নেযাই তেওঁলোকে নিজৰ নামেৰে অস্তিত্ব ৰাখি আছে। অসমৰ ফালে যিটো শাখায় ঢাল খায় তেওঁলোক অতি প্ৰবল আৰু বিশিষ্ট আছিল, সেই কাৰণে আগৰ দিনৰ অসমবাসী- বিলাকক কলিতা আৰু আন জাতি বুলি ভাগ কৰা হৈছিল। তেওঁলোকে পৌৰোহিত্য, ৰাজ্য পতা আদি কাম কৰাৰে৷ উল্লেখ আছে। এটি শাখাই গৈ পূব-অসমৰ শদীয়া সীমান্ত অঞ্চলত ৰাজ্য পাতি আছিল, সেই ৰাজ্য লোপ হয় আহোম- বজ৷ ৰাজ্যেশ্বৰ সিংহৰ দিনত (খৃঃ ১৭৫১—১৭৬৯)। কলিতাৰ ৰাজত্ব আগেয়ে হিমালয়ৰ উপত্যকা বা অসমৰ সমভূমিত আছিল বুলি মঞ্জুশ্ৰীমূলকল্পত আছে। অসমৰ