পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
পুৰাণ আৰু তন্ত্ৰত
 কলিতাসকলৰ ভিতৰত বৰ-কলিতা আৰু সৰু কলিতা বুলি দুটি শ্ৰেণী বিভাগ আছে৷ বৰ-কলিতাৰ আন এটি নাম সজ-কলিতা॥ কথা গুৰু-চৰিত পুথিত ভবানন্দ ঠাকুৰ আতাৰ বিয়াৰ কথাত এইদৰে আছে—“সজ-কলিতা চাই আতৈলৈ এটি কন্যা বিবাহ কৰাই আনিলে। বৰ-কলিতা জি ঘৰৰ আশ্ৰইত আছে, তাৰে দুহিতৃটি আছে।” সজ শব্দ সংস্কৃত ‘সহজ’ শব্দৰ অসমীয়া ৰূপান্তৰ। সহজ =স্বাভাৱিক,বংশগত। ‘সজ’ কলিতা মানে কলিতাকুলত জন্ম-হোৱা মানুহ৷ সৰু-কলিতা = কলিতাসকলৰ লগত অহা বা কলিতাদেশৰ মানুহ।

 জাতক, পুৰাণ আদিৰ পৰা জনা যায় আগৰ দিনত কোনো এটি প্ৰবল জাতিৰ নাম অনুসাৰে কোনো এখন ঠাইৰ নাম হয়। তাত যে আন জাতৰ মানুহ নেথাকিছিল এনে নহয়। শাক্যদেশত শাক্যক্ষত্ৰিয়সকলৰ ৰাজকীয় প্ৰাধান্য থাকিলেও তাত ব্ৰাহ্মণ, বৈশ্য, শূদ্ৰ মানুহো আছিল। সেইদৰে কলিতাৰাজ্যতো হৰেক শ্ৰেণীৰ মানুহ আছিল। আগৰ দিনত পশ্চিমৰ পৰা অহা মানুহ মাত্ৰককেই অসমত কলিতা বুলিছিল, যেনেকৈ আজি-কালিৰ দিনত পশ্চিমৰ পৰা অহা সকলো বিদেশীকেই বঙ্গাল বোলা হয়। তাৰ ভিতৰত যিবোৰ প্ৰকৃত কলিতা, সেইবিলাক বৰ-কলিতা, আন সকলো সৰু-কলিতা। মাৰ্টিন চাহাবৰ বুৰঞ্জীত শঙ্কৰদেৱ আৰু মাধবদেৱকো কলিতা বুলি নিৰ্দ্দেশ

বৰ-কলিতা

আৰু সৰু-কলিতা