পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
কলিতা জাতিৰ ইতিবৃত্ত
খেন-জাতি খেন-জাতিৰ মানুহ এতিয়াও ৰঙ্গপুৰ জিলাত আছে।

১৯১১ খৃঃ শকৰ গণনা অনুসাৰে তেওঁলোকৰ সংখ্যা আছিল ১২০০০। তেওঁলোক বিশুদ্ধ হিন্দু আৰু বঙ্গদেশৰ নবশাখ শ্ৰেণীৰ বামুণে তেওঁলোকৰ ক্ৰিয়া-কৰ্ম্ম কৰে। তেওঁলোকৰ প্ৰধান ব্যবসায় কৃষি। প্ৰত্নজ্ঞসকলৰ মতে তেওঁলোকেই অসমৰ কলিতা॥৩৮॥ (H. N. Choudhury : The Cooch-Bihar State, 1903; p. 128; Risley : Tribes and Castes of Bengal, Vol. I. p. 489.

কোলিয় জাতি  অযোধ্যা আৰু যুক্তপ্ৰদেশত কোলিয় বুলি এজাতিৰ

মানুহ আছে। তেওঁলোকৰ প্ৰধান ব্যবসায় কথকতা (পৌৰাণিক আখ্যান আদি ব্যাখ্যা কৰা), গান-বাজনা শিকোৱা আৰু ছিটৰ কপোৰত ফুলৰ ছাৱ মৰা আদি কাম। তেওঁলোকৰ আচাৰ-ব্যবহাৰ বামুণৰ দৰে। তেওঁলোকে যি ব্যবসায় কৰে, সেই ব্যবসায় সেই দেশৰ বামুণ, কায়স্থ আদিয়েও কৰে। তেওঁলোকক কৌলিক (tribal) জাতি বুলি ধৰি লোৱা হয়। তেওঁলোকৰ আঁতি-গুৰি নজনাৰ বাবে তেওঁলোক কোলিয়-ক্ষত্ৰিয়ৰ এটি ঠাল হয় নে নহয় সঠিককৈ কব নোৱাৰি। নামৰ সাদৃশ্যৰ পৰা কোলিয়-ক্ষত্ৰিয় হলেও হব পাৰে॥ ৩৯॥ The Tribes & Castes of North Western Provinces & Oudh; 4 Vols; 1896; Vols. II. p. 222; Vol. pp. 172-174 by W. Crooke.)