পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাতনি

 এই খুদীয়া পুথিখনি এটি ৰচনা মাথোন। ৰচনাৰ পাতনি নহলেও হয়। কিন্তু ৰচনা প্ৰকাশ কৰিব লাগিলে আনুষঙ্গিক বিষয়ত সহায় কৰোঁতা সকলৰ শলাগ নললে প্ৰত্যবায় ঘটে। সেই ছেগতে লগতে এবেগতীয়া পাতনি এখনি জুৰি দিয়া হ’ল।

 বৰ্ত্তমান জাতি চৈতন্যৰ দিনত কোনোবা জাতিৰ আঁতি-গুৰিৰ সন্ধান কৰিলে সেই সন্ধানৰ ওপৰত সহজেই নিন্দা-স্তুতিৰ ছাঁ এটি পৰিবৰ আশঙ্কা থাকে। এই প্ৰবন্ধৰ উদ্দেশ্য কোনো জাতিৰ প্ৰতি নিন্দা-স্তুতি নহয়। অসমৰ কলিতা এটি কৌতূহল জগোৱা জাতি। পুৰাণ, স্মৃতি আদিৰ সঙ্কৰ বা বৃত্তিমূলক কোনো জাতিৰ তালিকাতেই ইয়াৰ নাম নাই। কেৱল পৌৰাণিক উপাখ্যান এটিৰ লগত আওপাক খোৱা ক্ষত্ৰিয় জাতি এটি বুলি বহুকালৰ পৰা প্ৰবাদ এটি উপঙি ফুৰিছে। কলিতা জাতি ভাৰতৰ আন আন প্ৰদেশতো আছে। সকলো কলিতাৰ মাজত প্ৰচলিত কিম্বদতীবোৰ গোট খুৱাই পুৰণি অসমীয়া, ইংৰাজি, পালি, সংস্কৃত আদি ভাষাত উল্লিখিত তথ্যবোৰৰ লগত খাপ খুৰাই আধুনিক বৈজ্ঞানিক প্ৰণালীৰে সকলোবোৰ উক্তিৰেই সামঞ্জস্য এটি দেখুৱা হৈছে। যিবোৰ মূল পুথিব পৰা উপাদান সংগ্ৰহ কৰা হৈছে সেইবোৰৰ খুটি-নাটি নিৰ্দ্দেশ বন্ধনীৰ ভিতৰত দিয়া হৈছে। সহজতে নোপাৱা ইংৰাজী পুথিৰ মূল উক্তিবোৰ ওপৰঞ্চিত বেলেগে মূল ভাষাতেই উদ্ধৃত কৰি দিয়া হৈছে।

 মূল সিদ্ধান্ত এইটো প্ৰতিপন্ন কৰা হৈছে যে বঙ্গলা আদি দেশৰ বৈদ্য, কায়স্থ আদিৰ দৰে অসমৰ কলিতা এটি বৃত্তিমূলক জাতি নহয়। এইটি