পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
কলিতা জাতিৰ ইতিবৃত্ত
মাৰ্কণ্ডেয়

পুৰাণৰ কূলট, কুলা-কণীয়া আৰু এ-ঠেঙ্গীয়া জাতিৰ অবস্থিতি

সিধ্যতে চ তদা ( তথা ) তাৰা যক্ষৰাট চৈব মহাবলঃ।
হৰিকেল কৰ্ম্মৰঙ্গে চ কামৰূপে কলশাহ্বয়ে॥৯০০॥

 —হৰিকেল, কৰ্ম্মৰঙ্গ, কামৰূপ আৰু কলশ নামক দেশত তাৰামন্ত্ৰ আৰু যক্ষপাট্, মন্ত্ৰ সিদ্ধ হয়।

 মঞ্জুশ্ৰীমূলকল্প মহাযানী বৌদ্ধগ্ৰন্থ। মহাযানীসকলে তন্ত্ৰ-মন্ত্ৰৰ বহুল চৰ্চ্চা কৰিছিল।

 যোগিনীতন্ত্ৰৰ কোলৰজা আৰু মঞ্জুশ্ৰীমূলকল্পৰ কলাখ্য নৃপতি একে হব পায়। অন্ততঃ দুয়োৰে থিতি হিমালয়ৰ কাষত॥৩৪॥

 অসমীয়া কলিতাৰ ঐতিহ্যত এ-ঠেঙ্গীয়া আৰু কুলা-কণীয়া জাতিৰ লগত কলিতাদেশৰ উল্লেখ আছে ( ছেদ ৩)। মাৰ্কণ্ডেয় পুৰাণে এই ঐতিহ্য সমৰ্থন কৰে। তাতো একপাদ ( এ-ঠেঙ্গীয়া ) আৰু শূৰ্পকৰ্ণ ( কুলা-কণীয়া ) জাতিৰ লগৰ কুলট ( কলিতা ) জাতিৰ উল্লেখ আছে :—

...   ....   ....   ....
 শূৰ্পকৰ্ণো ব্যাঘ্ৰমুখো মুৰ্ব্বৰঃ কৰ্ব্বটাশনঃ॥১১
 ...   ....   ....   ....
প্ৰাগজ্যোতিষাঃ সলৌহিত্যাঃ সামুদ্ৰাঃ পুৰুষাদকাঃ।
...   ....   ....   ....
বৰ্দ্ধমানাঃ কোসলাশ্চ মুখে কূৰ্ম্মস্য সংস্থিতাঃ॥

—মাৰ্কণ্ডেয় ৫৫।১১-১৩