পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
পুৰাণ আৰু তন্ত্ৰত


ৰঙ্গপুৰ, কোচবিহাৰ আদি পশ্চিমৰ ঠাইত কলিতাসকলৰ

আধিপত্যক লক্ষ্য কৰিছে॥ ৩৩॥

যোগিনীতন্ত্ৰৰ কোল-নৃপতিৰ কথা আন গ্ৰন্থৰ পৰাও সমৰ্থিত হয়। মঞ্জুশ্ৰীমূলকল্প এখনি সংস্কৃত ভাষাত পুৰাণৰ ৰীতিৰে লিখা বৌদ্ধ ঐতিহাসিক গ্ৰন্থ। ইয়াত বুদ্ধদেৱৰ জন্মৰ পৰা খৃঃ ৭৫০ শতাব্দীলৈ ভাৰতৰ নান৷ প্ৰদেশৰ প্ৰসিদ্ধ ৰাজবংশবোৰৰ প্ৰামাণিক ঐতিহাসিক তথ্য লিপিবদ্ধ হৈছে। প্ৰায় ১০৬০ খৃঃ শকত এই গ্ৰন্থৰ তিব্বতী অনুবাদ হয়। প্ৰসিদ্ধ ঐতিহাসিক পণ্ডিত ৺ডক্টৰ কাশীপ্ৰসাদ জয়সৱালে খৃঃ ১৯৩৪ চনত ইংৰাজী টোকাৰে সৈতে ( An Imperial History of India নাম দি) গ্ৰন্থখন ছপায়৷ গ্ৰন্থখন একেখনি সাঁচিপতীয়া পুথিৰ পৰা ছপোৱাত তাত বহুত পাঠাশুদ্ধি আছে বুলি তেওঁ কৈছে। তেওঁ তিব্বতী অনুবাদৰ সহায়েৰে পাৰ্য্যমানে পাঠ শুদ্ধ কৰিছে।

 এই গ্ৰন্থত কামৰূপৰ কল-নামক ( কলাখ্য ) নৃপকুলৰ উল্লেখ আছে—

কামৰূপ কলাখ্যা হি হিমাদ্ৰেঃ কুক্ষিমাশ্ৰিতাঃ।
বহবো নৃপতয়ো প্ৰোক্তা উদ্ৰসন্ধিষু সৰ্ব্বদা॥৬৩৮॥

 —হিমালয়ৰ উপত্যকা (কুক্ষি ) আশ্ৰয় পৰি থকা কামৰূপৰ কল-উপাধিধাৰী বহুত নৃপতিৰ উল্লেখ আছে। সাগৰ-সঙ্গমতো বহুত ৰজাৰ উল্লেখ আছে।

 কামৰূপৰ তান্ত্ৰিক ধৰ্ম্মৰ বিশেষত্বক লক্ষ্য কৰি কোৱা হৈছে—

মঞ্জুশ্ৰীমূলকল্পৰ কামৰূপৰ

কলবংশৰ নৃপতি