পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
কলিতা জাতিৰ ইতিবৃত্ত

তেওঁলোকৰ পূজা-পাটল বন্ধ হ’ল। তেতিয়া মহাদেবীয়ে তেওঁলোকক গ্ৰাস কৰিলে অৰ্থাৎ যোগিনীতন্ত্ৰমতে তেওঁলোক শাক্ত মতাবলম্বী হ’ল।

 এই উপাখ্যানৰ মৰ্ম্মকথা হিছাপে যি নৈতিক শিক্ষাৰ আদেশ আছে সেইটো মন কৰিবলগীয়া—“ব্ৰহ্মশাপৰ স্খলন নাই। বামুণৰ বচন বজ্ৰৰ নিচিনা৷ সেই কাৰণে বামুণ বিদ্বানেই হওক বা বিদ্যাহীনেই হওক, তেওঁ সৰ্ব্বদাই পূজনীয়।” এই নীতিবচন বৌদ্ধসকলৰ বামুণৰ প্ৰতি অভক্তিৰ প্ৰতিবাদ মাথোন।

 Pag-Sam-Jon-Zang ( পাগ-চাম-জোন-জাং) নামক তিব্বতীভাষাত ৰচিত বৌদ্ধ-ইতিহাসত কোলিয়সকলক প্ৰচণ্ড জাতি বুলি নিৰ্দ্দেশ কৰা হৈছে বুলি ওপৰত উল্লেখ কৰা হৈছে। এই উপাখ্যানৰ পৰা তেওঁলোকৰ প্ৰচণ্ডতাৰেই পৰিচয় পোৱা যায়॥ ৩২॥

 যোগিনীতন্ত্ৰ পুৰণি অসম ৰাজ্যত ৰচিত হোৱা গ্ৰন্থ। ইয়াত অসমৰ লগত সম্বন্ধ নথকা কোনো জাতিৰ বিষয় আখ্যান নাই। ইয়াত নৰকাসুৰ, কোচ (কুবাচ ), সৌমাৰ ( আহোম ), যবন ( মুছলমান ), প্লব ( ভুটীয়া ) আদি কাম- ৰূপত ৰাজত্ব কৰা জাতিবোৰৰহে অলৌকিক উৎপত্তিৰ কাহিনী আছে। এইবোৰৰ লগত হঠাৎ কোলাসুৰৰ অব- তাৰণাৰ পৰা প্ৰত্যয় হয়, এই উপাখ্যানে জলপাইগুৰি,