পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
পুৰাণ আৰু তন্ত্ৰত

দেবীয়ে কোলাৰজাক কলে—“মই মাউৰা ছোৱালী, বৰ ভোক লাগিছে, খাবলৈ দিয়া।” কোলৰজাই কুমাৰীক অন্তঃ- পুৰলৈ লৈ যাই বিবিধ খোৱা বস্তু যোগালে। ৰজাই খোৱা বস্তু দিয়ে হে দিয়ে কুমাৰীৰ ভোক নপলায়। কুমাৰীয়ে তৎক্ষণাৎ খাই অন্ত কৰি কয়—“আকৌ দিয়া।” তেতিয়া ৰজাই বিবুধি হৈ কলে— “কুমাৰী, তোমাৰ যেনেকৈ তৃপ্তি হয়, তাকেই কৰা৷” তেতিয়া কুমাৰীয়ে ৰজাৰ হাতী, ঘোৰা, ৰথ, সৈন্য-সামন্ত, স্বয়ং ৰজা,, ৰাজকোঁৱৰ, বন্ধু-বান্ধব আটাইকে গিলি পেলালে। তাৰ পিছত দেবীৰ অন্তৰ্দ্ধান হ’ল। (যোঃ তঃ ১৷১৭৷১-২২ )

 এই আখ্যান এটি ৰূপক মাথোন। এই আখ্যানৰ ব্ৰহ্ম- শাপগ্ৰস্ত ধ্যানী বিষ্ণু হৈছে স্বয়ং বুদ্ধদেৱ। যোগিনীতন্ত্ৰত কামৰূপৰ ধ্যানী জনাৰ্দ্দন মূৰ্ত্তিক বুদ্ধস্বৰূপ বুলি কোৱা হৈছে —জনাৰ্দ্দনঞ্চ দেবেশং কলৌ বৌদ্ধস্বৰূপিণম্ ( যোঃ তঃ ২।৫৷ ২২১)। ধ্যানী বুদ্ধ-বিষ্ণুৰ শৰীৰৰ পৰা কোলা নামে বৌদ্ধ- অসুৰৰ উদ্ভব হ’ল। ভাগবত পুৰাণত বুদ্ধদেৱক বিষ্ণুৰ অবতাৰ বুলি স্বীকাৰ কৰি তেওঁৰ উপাসকসকলক সুৰদ্বেষী বুলি কোৱা হৈছে। সুৰদ্বেষী বা অসুৰ সকলৰ বিমোহনৰ বাবে বিষ্ণুৰ বুদ্ধ অবতাৰ হয়—

ততঃ কলৌ সম্প্ৰবৃত্তে সন্মোহায় সুৰদ্বিষাম্।
বুদ্ধো নামাঞ্জনসুতঃ কীকটেষু ভবিষ্যতি॥ (ভাগবত ২।২৪)

 —এই বৌদ্ধসকলে ব্ৰহ্মা, বিষ্ণু, ইন্দ্ৰাদিক পদচ্যুত কৰিলে—