পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
বৌদ্ধ জাতকত
বুলিলেই হয়, কেবল স্তূপটো আৰু পৰিচৰ্য্যাকাৰী কেইজনমান

আছিল। হিউৱেন-চাঙৰ সময়ত ভগ্নাবস্থা এজনো সম্পূৰ্ণ- প্ৰায়। কেবল শ্ৰমণ এজনে স্তূপৰ পৰিচৰ্য্যা কৰিছিল॥২৭॥

 কোলিয়সকলৰ বিশিষ্টতাৰ বিষয় এই কেইটি কথা ওলাই—(১) তেওঁলোকখেতিপ্ৰধান আছিল; (২) প্ৰতিপক্ষই তেওঁলোকক কোল-গছত থকা বুলি ইতিকিং কৰিছিল; (৩) ৰজা অজাতশত্ৰু আৰু মহাৰাজ অশোকৰ চেষ্টাৰ বিৰুদ্ধে তেওঁলোকে নিজৰ অস্থিৰ ভাগ সুকীয়াকৈ ৰাখিছিল। তিব্বতীভাষাৰ বৌদ্ধ-ইতিহাস এখনত কোলিয়সকলক অতি প্ৰচণ্ড বোলা হৈছে; (৪) কোলিয়-কুলৰ প্ৰতিষ্ঠাতা বাৰাণসীৰ ৰাম ৰজা॥২৮॥

 বৰ্ত্তমান কালৰ কলিতাসকলৰ বিশিষ্টতাৰ লগত ইয়াৰ কিমানখিনি মিল আছে চোৱা যাওক। দক্ষিণ ভাৰতৰ কলিতাসকলৰ ঐতিহ্যত ৰামচন্দ্ৰ ৰজাৰ উল্লেখ আছে। ৰামচন্দ্ৰ বুলিলে ৰামায়ণৰ ৰামচন্দ্ৰলৈ সকলোৰে মনত পৰে। কোলিয়-কুলৰ প্ৰতিষ্ঠাতা জনো ৰামৰজা আৰু তেওঁৰ নামেৰেই ৰামগ্ৰামৰ নাম হয়। সম্বলপুৰৰ কলিতাসকল কৃষিত নিপুণতাৰ বাবে প্ৰখ্যাত। সম্বলপুৰ জিলাত কলিতাৰ সংখ্যা শতকৰা এঘাৰ জন। তাৰ ষোল্লখন জমিদাৰীৰ ভিতৰত এখন ( বিজয়পুৰ ) জমিদাৰী কলিতাৰ।

 কলিতাসকলে মাটিৰ মোল ভালকৈ বুজে আৰু মাটিত জল সেচন কৰি কেনেকৈ খেতিৰ সমুন্নতি কৰিব পাৰি

কোলিয়-কোলিতা