পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
কলিতা জাতিৰ ইতিবৃত্ত
বুদ্ধদেৱৰ অস্থিৰ ভাগ আঠোটা জাতিৰ নাম ইতিহাসত শিলৰ আখৰেৰে লিখা হৈ

থাকিল। এই আঠোটা জাতিৰ ভিতৰত কোলিয়সকলো আছিল। বুদ্ধদেৱৰ মহাপৰিনিৰ্ব্বাণ ঘটে মল্লক্ষত্ৰিয়সকলৰ ৰাজ্য কুশীনাৰাত। প্ৰত্যেক ক্ষত্ৰিয়-গোষ্ঠীয়ে “ভগবান ক্ষত্ৰিয় আছিল, আমিও ক্ষত্ৰিয়, আমিও অস্থিৰক্ষাৰ ভাৰ পোৱা উচিত”—এই বুলি কুশীনাৰাৰ মল্লসকলৰ ওচৰত আবেদন জনাইছিল। পালি ভাষাত লিখা এই আবেদনৰ ভাষা অতি মনোৰমঃ—

 “ভগবা পি খত্তিয়ো, ময়ং পি খত্তিয়া। ময়ং পি অৰহাম ভগবতো শৰীৰাণং ভাগং, ময়ং পি ভগবতো শৰীৰাণং থুপাঞ্চ মহাঞ্চ কৰিস্ সামীতি।” (মহাপৰিনিৰ্বাণ সুত্ত)

 —“ভগবান [ বুদ্ধ ] ক্ষত্ৰিয় আছিল, আমিও ক্ষত্ৰিয়। আমিও ভগবানৰ শৰীৰৰ ভাগ অহ’ণা কৰিম, আমিও ডাঙৰ স্তূপ নিৰ্ম্মাণ কৰিম।”

 যি আঠোটা ক্ষত্ৰিয়-গোষ্ঠিয়ে ভগবাতৰ অস্থিৰক্ষাৰ ভাৰ পাইছিল সেইবোৰৰ নাম আৰু ৰাজধানী (বন্ধনীৰ ভিতৰত) : —শাক্য ( কপিলবস্তু ); কোলিয় (ৰামগ্ৰাম ); বুলি ( অম্লকপ্প ); ভগ্ গ (সুংসুমাৰগিৰি ); কালাম (কেসপুত্ত); মোৰিয় ( পিপ্‌ফলিবন ); মল্ল ( কুশীনাবা ) লিচ্ছবি ( বেসালী)। এওঁলোকে বুদ্ধদেৱৰ অস্থি সমাধিস্থ কৰি প্ৰথম আঠোটা স্তূপ নিৰ্ম্মাণ কৰালে॥২৪॥

 যিবোৰ ক্ষত্ৰিয় জাতিয়ে বুদ্ধদেৱৰ অস্থিৰক্ষাৰ যোগ্যতাৰ