পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
বৌদ্ধ জাতক

তৰোৱাল পেলাই দি কলে—“কোলিয়সকলে আমাক মাৰকেই বা জীয়ঁততেই পোৰক, আমি আৰু যুজ নকৰো।” কোলিয়সকলেও তেনেকুৱা কৰিলে আৰু তেনেকৈ কলে। তথাগতে তেতিয়া সজ উপদেশ দি, দুয়ো পক্ষৰেই জগৰ ভাঙি পুনৰ্মিলন ঘটালে।

 এই ঘটনাৰ সময়ত বুদ্ধদেৱৰ বুদ্ধত্ব লাভৰ সময় হৈছিল পাঁচ বছৰ। তেওঁৰ উপদেশ অনুসাৰে দুজন কোলিয়ই তেতিয়াই ভিক্ষুধৰ্ম্ম আৰু আন কেইজনমানে শৰণ ধৰ্ম্ম গ্ৰহণ কৰে৷ তেওঁলোকৰ নাম আৰু ধাম ইতিহাসত ৰৈ গৈছে। তেওঁলোকৰ নাম আৰু গ্ৰাম [ বন্ধনীৰ ভিতৰত ] :—

 পুণ্ণ গোবতিক আৰু কুক্কৰ বতিক [ হলিদ্দ বসন ]— ভিক্ষু; ককুধ কোলিয়পুত্ত— মোগ্ গলান কোলিতৰ আলধৰীয়া; সুপ্পাবাসা কোলিয়ধীতা—তিৰোতা উপাসিকা, এওঁ সোৱাদ খোৱাবস্তু যোগায় বুলি বুদ্ধদেৱে শলাগিছিল। পাটলিগামনী [ উত্তৰ ]; উপ্পাবাস| [ সজ্জনেল ]॥২৩॥

 শাক্য আৰু কোলিয়সকল কোনো বিৰাট ৰাষ্ট্ৰীয় ঘটনাৰ পৰা ইতিহাসত প্ৰসিদ্ধি পোৱা নাই৷ শাক্যসকল প্ৰসিদ্ধ হ’ল বুদ্ধদেৱ তেওঁলোকৰ বংশত আবিৰ্ভাৱ হোৱাৰ পৰা। কোলিয়সকলেও বুদ্ধদেৱৰ মাতুল আৰু শ্বশুৰ-গোষ্ঠী হিছাপে ইতিহাসত ঠাই পালে। আৰু তাতকৈও ডাঙৰ কাৰণ হৈছে এইটো যে বুদ্ধদেৱৰ মহাপৰিনিৰ্ব্বাণৰ পিছত যি আঠোটা ক্ষত্ৰিয় জাতিয়ে বুদ্ধদেৱৰ শৱাস্থিৰ ভাগ পাইছিল, সেই