পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
কলিতা জাতিৰ ইতিবৃত্ত
কোল গছৰ কোলিয় শস্যেৰে ভৰপূৰ হব, তেতিয়া পাচি খৰাহি লৈ তোমালোকৰ দুৱাৰ দলিত থিয় হবলৈ আমাৰ সাহেই নহব। এবাৰৰ পানীৰেই আমাৰ যথেষ্ট হব। পানীখিনি আমাকেই দিয়া।” এইদৰে দুয়ো পক্ষৰেই কথা কটা-কটিৰ পৰা হতাহতি হবৰ উপক্ৰম হ’ল। লগে লগে দুয়ো পক্ষৰেই বংশমৰ্য্যাদাক লক্ষ্য কৰি গলিয়া-গলিও হব ধৰিলে। শাক্য-সকলৰ মাজত হেনো নিজ ভনীয়েকক বিয়া কৰোৱা প্ৰথা আছিল৷ এই প্ৰথাক লক্ষ্য কৰি কোলিয়সকলে কলে—“গুচ্ গুচ্ কপিলবস্তুৰ লেৰুৱাহঁত; কুকুৰ, শিয়াল আদি জানোৱাৰৰ দৰে তহঁতে ভনীয়েৰ সকলৰ লগত খোৱালোৱা কৰ। তহঁতৰ হাতী, ঘোঁৰা, ঢাল, বল্লমে আমাক কি কৰিব পাৰে?” শাক্যসকলেও সমান সুৰতে গালে—“বোলো,বনৰীয়া জানোৱাৰৰ দৰে কোল-গছৰ খোৰোঙত বাস কৰ। তহঁতৰ হাতী, ঘোৰা, যাঠি, জোঙে আমাক কি কৰিব পাৰে?” এইদৰে গলিয়া-গলি কৰি খেতিয়কসকল উভটি গ’ল। ৰাজঘৰীয়া সদস্য-সকলৰ ওচৰত গোচৰ পৰিল। দুয়ো ফৈদেই ৰণৰ বাবে সাজু হৈ ৰোহিণী নৈৰ পাৰত থিয় হ’ল।

 সন্ধিয়াৰ সময়। তথাগত বুদ্ধই যোগবলেৰে ঘটনাৰ সম্ভেদ পাই, শ্ৰাবস্তিৰ পৰা শূন্যেৰে তালৈ আহি, শূন্যতেই যোগাসন পাতি দুয়ো পক্ষৰ ৰণুৱাসকলৰ মাজত ওলমি থাকে। তথাগতক চিনি পাই শাক্যসকলে হাতৰ পৰা ঢাল,