(৪) দীৰ্ঘনিকায় গ্ৰন্থৰ অন্তৰ্গত মহাপৰিনিৰ্ব্বাণ সুত্তন্ত
মতে কোলিয়সকল নাগবংশ সম্ভূত।
এজন কোলিয়-কোঁৱৰে ধনুৰ্বিদ্যাত বুদ্ধদেৱৰ প্ৰতিদন্দ্বিতা কৰিছিল। কিন্তু বুদ্ধদেৱৰ হাতত কোলিয়-কোঁৱৰ হাৰে॥২১॥
কোলিয়সকলৰ উৎপত্তিৰ বিষয়ে জাতকৰ এই চাৰিটা বেলেগ বেলেগ উপাখ্যান। কোলিয় এটি পালি শব্দ, ইয়াৰ সংস্কৃত ৰূপ হৈছে “* কোল্য’’ ( কোল + ষ্ণ্য )। তেনেকৈ সংস্কৃত “শাক্য”=পাঃ “সাকিয়”; সংঃ মৌৰ্য্য= পাঃ মোৰিয়। কোলিয় শব্দৰ আন এটি চলতি ৰূপ কোলিক॥২২॥
প্ৰজাতন্ত্ৰীয় সৰু ক্ষত্ৰিয়গোষ্ঠীবোৰৰ প্ৰধান উপজীবিকা আছিল খেতি। ডোঙৰ পানী খেতিৰ পথাৰত সিচনি দিয়া লৈ শাক্য আৰু কোলিয়সকলৰ ভিতৰত সময়ে সময়ে সংঘৰ্ষ হৈছিল।
কোলিয় আৰু শাক্যৰাজ্যৰ সীমাৰেই ৰোহিণী নৈ বৈ, গৈছিল। দুয়ো গোষ্ঠীয়েই নৈত ভেটা বান্ধি খেতি-পথাৰত পানী সিচায়। এবছৰ জেঠ মাহৰ খৰত ধান শুকাব ধৰাত দুয়ো গোষ্ঠিৰেই খেতিয়কসকল গোট খালে। কোলিয়সকলে কলে—“এই পানী দুয়ো পক্ষৰ পথাৰত সিচালে কোনো পক্ষৰ বাবেই যথেষ্ট নহব৷ আমাৰ পথাৰত এবাৰ পানী সিচালেই হব। ভেটাৰ পানী আমাকেই দিয়া।” শাক্যসকলে কলে—“তোমালোকৰ ভঁৰাল যেতিয়া