পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
ঐতিহ্য আৰু বুৰঞ্জীত


Imperial Gazetteer of India, 1885; Vol. III, p. 86)। সম্বলপুৰৰ কলিতাসকলৰ মাজত কিম্বদন্তী আছে যে তেওঁলোকে দক্ষিণৰ বোধৰাজ্যৰ পৰা সম্বলপুৰলৈ আহে আৰু তেওঁলোক ৰামচন্দ্ৰ ৰজাৰ ঘৰৰ পানী যোগাওঁতা আছিল ( R. D. Banerji : History of Orissa, Vol. I. p. 24 ).

 বোধৰাজ্য ( বৰ্ত্তমান বাউদ ) সম্বলপুৰৰ দক্ষিণত থকা দেশীয় কৰদৰাজ্য আছিল। ই এখন বুদ্ধদেৱৰ নাম অনুকৰণ কৰি থাপনাকৰা বৌদ্ধ উপনিবেশ। ইয়াত বৌদ্ধসঙ্ঘ আছিল আৰু এতিয়াও ইয়াত বৌদ্ধমতাবলম্বী লোকৰ চিন আছে॥ ৯॥ (H. P. Shastri : Introduction to Modern Buddhism by N. N. Basu)

 বোনাইগৰ আৰু সম্বলপুৰৰ কলিতাসকলৰ ঐতিহ্যত উল্লিখিত ৰাম ( চন্দ্ৰ) ৰজা মন কৰিবলগীয়া। এই ৰাম ৰজা ৰামায়ণৰ ৰামচন্দ্ৰ নহয়॥১০॥ (ছেদ ২১ )

 নেপাল ৰাজ্যতো কলিতা জাতৰ মানুহ আছে। নেপালৰ টন্‌স উপত্যকা আৰু জৌম্‌সব বাৱাৰত বামুণ আক কল্‌তা বুলি দুই শ্ৰেণীৰ মানুহ আছে॥ ১১॥ (E. C. Mobbs : Indian Forester, Vol. IX. pp. 663–799 : quoted by K. R. Medhi : The Kalitās; J.A.R.S. Vol. III. No. 3).