পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
কলিতা জাতিৰ ইতিবৃত্ত


বোনাইগৰ, সম্বলপুৰৰ কলিতাৰ ঐতিহ্য  Eastern Bengal and Assam, 1919, pp. 30, 49 ).

 গুৰু-চৰিত আৰু ইংৰাজপণ্ডিতৰ মতে শ্ৰীলোহিত নৈৰ পাৰত কোলিতা ৰাজ্য অছিল। শাসনৰ উক্তিয়েও আৰ্য্য- উপনিবেশ এখনৰ কথাকেই সমৰ্থন কৰে।

 পালবংশী ৰজাসকলৰ বিষয় লক্ষ্য কৰিবলগীয়া প্ৰথম কথা হৈছে, এই বংশৰ প্ৰথম ৰজা ব্ৰহ্মপাল প্ৰজাসকলৰ দ্বাৰা নিৰ্ব্বাচিত হৈছিল। গৌৰৰ পালবংশৰ প্ৰতিষ্ঠাতা গোপাল ৰজাকো প্ৰজাসকলে নিৰ্ব্বাচন কৰিছিল। পুৰণি ভাৰতত ৰজা নিৰ্ব্বাচনৰ প্ৰথাৰ বিষয় তলত চোৱা॥ ৮॥ ( ছেদ ১৯)।

 অসমত বাজেও বৰ্ত্তমান উৰিষ্যা প্ৰদেশৰ অন্তৰ্গত বোনাইগৰ, সম্বলপুৰ আদি জিলাতো কলিতা মানুহ আছে। নৃ-তত্ত্বজ্ঞ পণ্ডিত-সকলে কয় যে সেইবোৰ ঠাইৰ কলিতাসকলৰ শাৰীৰিক গঢ় অসমৰ কলিতাসকলৰ দৰে। তেওঁলোকৰ চেহেৰা আৰ্য্যজাতিৰ মানুহৰ দৰে আৰু চকুৰ ৰঙো ঈষৎ তাম-বৰণীয়া (hazel eyes)। অসম আৰু মধ্য-ভাৰতৰ কলিতাসকলৰ ভিতৰত জাতিগত সাদৃশ্য থকা যেন লাগে। বোনাইগৰৰ বুঢ়া-মেথা কলিতাসকলৰ মাজত কিম্বদন্তী আছে যে তেওঁলোকে আদিতে ৰামচন্দ্ৰ ৰজাৰ লগত মিথিলা-ত্ৰিহুতৰ পৰা আহি সম্বলপুৰত বাস কৰে আৰু ছয় পুৰুষ আগতে কিছুমানে বোনাইগৰলৈ যায়। (H. H. Hunter : The