পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঐতিহ্য আৰু বুৰঞ্জী

আৰু সামাজিক জীৱনত উন্নত জাতিৰ আছিল।”॥৬॥ (Ibid : pp. 335-336)

 কামৰূপৰ বুৰঞ্জীত পশ্চিমদেশৰ পৰা কলিতা-পণ্ডিত অহাৰ কথা আছে। এতিয়া দেখা৷ গ’ল কথা গুৰু-চৰিত আৰু ইংৰাজ-পণ্ডিতৰ গবেষণা অনুসাৰে আমাৰ পূব সীমাতো কলিতাদেশ এখন আছিল। এইবোৰ কথাৰ আঁতি-গুৰি তলত বিচাৰ কৰা হৈছে॥ ৭॥ (চোৱা ছেদ ১২)।

 পূব অসমত যে উন্নত আৰ্য্য-উপনিবেশ এটি আছিল তাৰ প্ৰমাণ তামৰ ফলিৰ পৰাও পোৱা যায়। একাদশ শতাব্দীৰ অসমৰ ৰজা ইন্দ্ৰপালৰ প্ৰথম তাম্ৰশাসনৰ ত্ৰয়োদশ শ্লোকত আছে যে তেওঁৰ পিতা পুৰন্দৰ পালে “পৰশুৰামৰ বাহুবলেৰে নিৰ্জ্জিত ডাঙৰ ৰাজ্যৰ ৰাজকুল- সম্ভবা দুৰ্ল্লভা নামে কন্যা বিধিমতে বিয়া কৰাইছিল।’’—

“জামদগ্ন্যভুজবিক্ৰমাৰ্জ্জিত প্ৰাজ্যৰাজ্যনৃপবংশসম্ভবাম্‌।
দুৰ্লভেতি স তু লোকদুৰ্লভাং প্ৰাপ্য সম্যগভবৎ কলত্ৰবান্‌॥

(কামৰূপ শাসনাবলী পৃঃ ১২০)

 অসমৰ পূৰ্ব্বসীমান্তত অতি পুৰণিকালৰ পৰাই হিন্দু উপ- নিবেশ এটি আছিল৷ প্ৰায় ১১শ শতাব্দীত যেতিয়া ছুটীয়াসকলে পূৰ্ব্বসীমান্ত আক্ৰমণ কৰে, তেতিয়া তাত পালবংশী ৰজাসকলে ৰাজত্ব কৰিছিল। ছুটীয়াবোৰেও ১৬শ শতাব্দীত আহোমৰ দ্বাৰা ৰাজ্যচ্যুত হয় (Imperial Gazetteer of India :— Provincial Series :