আঠ পুৰুষমান আগতে কিছুমান অসমীয়াই কোনোবা বৰ
গোঁহাইৰ দুজন ল’ৰাৰে সৈতে শ্ৰীলোহিত নৈৰ পাৰৰ
কোলিতাদেশলৈ উপনিবেশ পাতিবলৈ যাত্ৰা কৰে।
তাৰ পৰা দুশমান বছৰলৈকে চাবেক-মাতৃভূমিৰ লগত
সিহঁতৰ বা-বাতৰিৰ যোগাযোগ আছিল। কুল্তা ৰজাই
সিহঁতক আতিথ্য সন্মানেৰে গ্ৰহণ কৰিছিল আৰু বিয়া-বাৰু
কৰাই বসতি কৰিব দিছিল। দিহং নৈৰ প্ৰলয়ঙ্কৰী বানৰ
পিছত সিহঁতৰ বা কোলিতাসকলৰ আৰু কোনো চিন-চাব
পোৱা নাই৷ কুল্তা দেশৰ পূবফালে, মিছমীদেশ পাৰ
হৈ লামা (তিব্বত ) দেশ। তিব্বতীবোৰো স্বাধীন জাতি
আৰু কুল্তাবোৰৰ লগত সদায় সিহঁতৰ সংঘৰ্ষ লাগি
থাকে।” (Captain J. B. Neuf Ville : Asiatic
Researches, Vol. XVI, 1828; pp. 344–345).
ওপৰত উল্লিখিত বান-পানীৰ বিষয়ে পণ্ডিত জনে বহলাই কৈছে। “প্ৰায় পঞ্চাশ বছৰমান আগেয়ে, ৰজা ৰাজেশ্বৰ সিংহৰ ৰাজত্বৰ কালত দিহং নৈৰ প্ৰলয়ঙ্কৰী বান হয়। বানৰ পানীয়ে সমস্ত দেশ ব্যাপে আৰু পানীৰ বেগো ইমান বেছি হৈছিল যে গোটেই দেশখনৰ আকৃতিৰেই পৰিবৰ্ত্তন হয় আৰু নদ-নদীৰ গতিপথৰো সাল-সলনি হয়। বান প্ৰায় পোন্ধৰ দিন থাকে। এই সময়ৰ ভিতৰত নৈৰ সোঁতৰ কোবত খেতি আৰু ঘৰুৱা সাজ-সজুলি, হাতীৰ হাউদা আদি উটি আহে। এইবোৰ বস্তু কোনোবা খেতি-বাতি