এজনৰ এটি প্ৰবন্ধত এই বিষয় উল্লেখ আছে। তেওঁ কয় যে “বৰ্ত্তমান সদিয়াৰ উত্তৰে আৰু ভূটায়া ( তিব্বতী ) সকলৰ পূব ফালে কোলিতা বা কুল্তা বুলি এটি অতি পৰাক্ৰমী জাতি আছিল। সভ্যতা আক সমুন্নতিত তেওঁলোকে এচিয়াৰ যি কোনো জাতিৰ সমকক্ষ আছিল। কলিতা- সকলৰ ক্ষমতা, ৰাজ্য আক ৰাজশ্ৰী অসম ( আহোম ) ৰজাৰ অতি উন্নত যুগৰ শ্ৰীবৃদ্ধিতকৈও বহুগুণে বেছি আছিল। আগৰ দিনত দুয়ো ৰাজ্যৰ ভিতৰত অহা-যোৱাৰ যোগাযোগ আছিল। এতিয়া সি বন্ধ গৈছে।
দিহং নদীৰ প্ৰলয়ঙ্কৰী বান-পানীত যিবোৰ খেতি আৰু ঘৰুৱা জীৱনৰ আৱশ্যকীয় সাজ-সজুলি উটি আহিছিল, সেইবোৰ কোলিতা ৰাজ্যৰ বুলিয়েই অনুমান হয়। কোলিতা সকলৰ ধৰ্ম্ম, আচাৰ আদিৰ বিষয় একো জনা নেযায়। তেওঁলোকক হিন্দু বুলি ধৰি লোৱা হয়। কিন্তু তেওঁ লোকৰ আওচৰীয়া অবস্থিতিৰ পৰা সেইটো সম্ভব নহয় বুলি মোৰ বিশ্বাস। কোলিতা আৰু খেত ( ক্ষত্ৰিয় ) জাতি একে বুলি অসমীয়া ভাষাত কোৱা হয় আৰু তাৰ পৰাই কোলিতাৰ হিন্দুত্বৰ অনুমান কৰি লোৱা হয়।
উজনী অসমৰ পৰা পাহাৰৰ তলে তলে কোলিতাদেশলৈ বাট এট আছে বুলি মানুহে কয়। কিন্তু যিমান কোৱা হয়, তিমানখিনি সঁচা নহয় যেন লাগে। কিন্তু সকলো মানুহৰ এটি কথাত মিল আছে আৰু সেইটো হৈছে যে