পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কলিতা জাতিৰ ইতিবৃত্ত


গৈ দিছে। চাৰিখন ভাৰৰ বস্তু মাথে নিএ, কাঠৰ ডোলাত তিনি খুটি মাৰি। তল সোমাই লই নি খুটি মাৰি নমাই পসাৰ দিএ। দুই তিনি জনীয়েও দাঙ্গি তুলিব নোৱাৰে। বুধিৰে লয় থয়। এদিন লৈ আহে সন্ধ্যা বেলা, ঘাটৰ নাএ সিপাৰে নিছে। তেনেতে মুদৈ নাঞখন পাঁচোটা চৰি মাৰি খোৱা দিএ। আএ বোলে, বুপাহঁত তামোল খাবি মোকো নে। সি বোলে ভৰা নাঞ নুথিবি, নেখাঞ! পাচে আএ গুৰি টিঙে বামপদ দি বোলে, নেহঁক। পাচে চৰি মাৰি একাঙ্গুল বঢ়াব নুৱাৰি বোলে, কি বজ্ৰনখী, উঠ। সেই সময়ত আতা গাত নমাহ। জন্মে বৈশাখৰ দুপৰ নিশাত, বুধবাৰে শুক্লা সপ্তমীত”।

 আতাৰ জন্মশক ১৪৩৬=খৃঃ ১৫১৪ (বেজবৰুৱা : শঙ্কৰদেৱ আৰু মাধবদেৱ : পৃঃ ২৩৫ )৷ অসমৰ ৰাজপাটত তেতিয়া ৰজা আছিল চুহুংমুং ( ১৪৯৭–১৫৩৯ খৃঃ)।

 এই উদ্ধৃত বাক্যাবলীত মন কৰিবলগীয়া ঠাই হৈছে অচমদেশ আৰু কলিতাদেশ। অচমদেশ মানে উজনী অঞ্চলৰ আহোম ৰাজ্য৷ আতাৰ মায়েকে আবৰ, মিৰি- সকলৰ ঠাইৰ মাজেৰে অহাৰ পৰা বুজা যায় যে কলিতাদেশ পূব-উত্তৰ অসমৰ সীমান্ত ভূমিৰ পৰা পোন্ধৰ দিনৰ বাটৰ দূৰত আছিল॥ ৫॥

 পূব অসমত থকা কলিতাদেশৰ কথা অইন মূলৰ পৰাও জনা যায়। এশ বছৰৰ অগেয়ে ছপা হোৱা ইংৰাজ-পণ্ডিত