পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঐতিহ্য আৰু বুৰঞ্জী


কলিতা”। এই বচন ফাকিৰ তাৎপৰ্য্য পিছত আলোচনা কৰা হৈছে॥ ৪॥ ( ছেদ ২৩ )

 পুৰণি সাঁচিপতীয়া কথা-গুক-চৰিত পুথি এখনত প্ৰসিদ্ধ সন্ত ভবানীপুৰীয়া গোপাল আতাৰ বংশাবলী নিৰ্ণয় কৰোতে কলিতাদেশৰ উল্লেখ আছে। বাক্যাবলী তলত উদ্ধৃত কৰি দিয়া হল।

 “এতিয়া ভনিপুৰ আতাৰ চৰিত্ৰ। আতাৰ আদি কলিতাদেশত। কলা কলিতাৰ গৃহ বুলিছিল। চেকখাম-হাট-জিনৈ গ্ৰামে।তানে পুত্ৰ বাসুদেৱ। তানে পুত্ৰ হৰিদেৱ। তানে বেটা শঙ্কৰ দাস। তানে নন্দন চেতন গিৰি। তানে তনই শঙ্কৰষণ। তানে পুত্ৰ নৰদেৱ। তানে বেটা কামদেৱ। স্বমাতৃ চলিল। বৈমাতৃ বিহালে নৰদেৱে সত্যা নামে, হৰি বৰকলিতা গৃহৰ। ভাদ্ৰত আতা গৰ্ভে থিতি, আহিনত পিতৃ চলিল। ক্ৰিয়া-কৰ্ম্ম কামদেৱে কৈলে। কাৰ্ত্তিকত সতিয়াই বেটা চাৰি শ টকা পিতাৰ আছে, দে, বুলি ৰাজদূত নি মেলত ঘটাই শান্তি ধৈলে। আএ উপায় নাপাই, পলাই দেশ এৰি অটব্য-অৰণ্যে চৰা পৰ্ব্বত পাৰ হৈ তিনি মণি ফাটে, আবৰ, মিৰি চাৰিমাটি মিৰিএদি অচম দেশ ওলাল হি পোন্ধেৰ দিনে, শক্তিমন্ত মহাপুৰুষ শক্তিগুণে, অনাহাৰে।


 “আই মহাচক্ৰী লোক। টকা আছিল হাতে, নগৰ সমীপে গৈ নাজিৰ হাটে পসাৰ দিব ধৈলে, ধন্যাদলৈ গৃহে ৰৈ। অনেক দ্ৰব্য লৈ গৰগাঞ বৰদ্বাৰ মুখে পহাৰ আহি

পূব-অসমৰ কলিতাদেশ