পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কলিতা জাতিৰ ইতিবৃত্ত


বিহাৰ, যুক্তপ্ৰদেশ আদিৰ পৰা আহিছিল। কিম্বদন্তীয়েও পশ্চিমৰ পৰা কলিতাসকল অহা মতকেই সমৰ্থন কৰে। শ্ৰীশৰৎচন্দ্ৰ গোস্বামীয়ে এটি ইংৰাজী প্ৰবন্ধত কামৰূপৰ কলিতাসকলৰ মাজত প্ৰচলিত কিম্বদন্তী এটিৰ উল্লেখ কৰি কৈছে যে “কলিতাসকল এসময়ত এটি প্ৰতাপী জাতি আছিল আৰু হিমালয়ৰ দাতিত ৰাজত্ব কৰিছিল। এইদেশ এ-ঠেঙ্গীয়া আৰু কুলা কণীয়া জাতিদুটিৰ ৰাজ্যৰ আন পাৰে। এতিয়াও এনেকুৱা দুই এজন বুঢ়া-মেথা মানুহ পোৱা যায় যি সকলে বিশ্বাস কৰে যে কলিতা ৰাজ্য এখন এতিয়াও আছে আৰু সময়ত কলিতা ৰজাই সমস্ত কামৰূপতেই ৰাজত্ব কৰিব”। (S. C. Goswami : The Kalitas of Kamarūpa : J.A.R.S. Vol. I. No. 3, p. 69 ) গোস্বামীৰ সংগৃহীত ঐতিহ্যত কলিতাদেশ বৰ্ত্তমান অসমৰ পূব-পশ্চিম আদি কোন দিশত তাৰ উল্লেখ নাই। কিন্তু এ-ঠেঙ্গীয়া আৰু কুলা-কণীয়া জাতিৰ উল্লেখৰ পৰা প্ৰমাণ হয় যে এই কলিতাদেশ অসমৰ পশ্চিম দিশত। মাৰ্কণ্ডেয় পুৰাণত এ-ঠেঙ্গীয়া (একপাদ ) আৰু কুলা- কণীয়া (শূৰ্পকৰ্ণ ) জাতিৰ উল্লেখ আছে॥৩॥ ( চোৱা ছেদ ৩৫)।

কলৰ তলৰ কলিতা  এই ঐতিহ্য প্ৰসঙ্গতে এফাকি বচন মনত ৰাখিবলগীয়া। কামৰূপৰ কলিতাসকলক লক্ষ্য কৰি অইন জাতিৰ মানুহে ধেমেলীয়া নিন্দা বচন এফাকি ব্যবহাৰ কৰে—“কলৰ তলৰ