সমললৈ যাওক

পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কলিতা জাতিৰ ইতিবৃত্ত
পশ্চিমৰ কলিতা পণ্ডিত   কলিতা জাতিৰ মানুহ অসমৰ চাবেক অধিবাসী নহয়। ব্ৰাহ্মণসকলৰ দৰে তেওঁলোকো পশ্চিমৰ পশ্চিমৰ মিথিলা, কনৌজ আদি ঠাইৰ পৰা আহিছিল। অসম চৰকাৰৰ বুৰঞ্জী-বিভাগৰপৰা প্ৰকাশিত হোৱা কামৰূপ বুৰঞ্জী”ত পশ্চিম দেশৰপৰা অহা কলিতা-পণ্ডিতৰ উল্লেখ আছে৷ পুৰণি কামৰূপৰ ৰাজ-পৰম্পৰা প্ৰসঙ্গত এইদৰে আছে:—

 “এই চাৰি পৃষ্ঠৰ ৰাজা প্ৰথমে ব্ৰহ্মাৰ পুত্ৰ মৈৰঙ্গ দানব, তান পুত্ৰ হতকাসুৰ, তান পুত্ৰ সম্বৰাসুৰ, তানপুত্ৰ ৰক্তেশ্বৰ। তাৰ পাচে ভিন্নবংশী নৰকাসুৰ, তান পুত্ৰ ভগদত্ত, তান পুত্ৰ ধৰ্ম্মপাল, তান পুত্ৰ কৰ্ম্মপাল, তান পুত্ৰ পৃথ্বীপাল, তান পুত্ৰ সুবাহু। ৰাজ্যক অনীতি-অন্যায় কৰে যেন কামাখ্যাই ক্ৰোধ হৈ কৈসালক খেদাইলেক।”

 “পাচে গৌৰৰ পৰা ধৰ্ম্মপাল নামে ক্ষেত্ৰিয় ৰাজা হল আহি। গোদন্ত পৰ্ব্বতত পাট কৰি ৰাজা হৈ গৌৰৰ, কনোজৰ, মন্দাতলাৰ, জবই-সাহানৰ, তিৰ্হুতৰ, বাৰকাৰ এই ছয় ঠাইৰ ব্ৰাহ্মণ, কায়স্থ, কলিতা আনি পণ্ডিতৰ সভা কৰি ৰাজাই কৰে। (কামৰূপৰ বুৰঞ্জী পৃঃ ১)।”

 এই উদ্ধৃত বাক্যাবলীত উল্লিখিত গৌৰৰ ধৰ্ম্মপাল বঙ্গ-বিহাৰৰ প্ৰসিদ্ধ পালবংশী বৌদ্ধমতাবলম্বী ৰজা। গৌৰৰ পালবংশী ৰজাসকলে খৃঃ ৭৩০-১১৯৭ শতাব্দীৰ ভিতৰত ৰাজত্ব কৰে। পালবংশৰ প্ৰথম ৰজা গোপাল প্ৰজাসকলৰ দ্বাৰা নিৰ্ব্বাচিত হৈছিল। ধৰ্ম্মপাল সেই বংশৰেই দ্বিতীয়