পৃষ্ঠা:কনফুচিয়াছ.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
কনফুচিয়াছ

আৰু নৈতিক আদৰ্শ। ঐতিহ্যক তেওঁ বৰ আদৰ কৰিছিল আৰু প্ৰাচীন ৰীতি-নীতি, ধৰ্ম্ম, সমাজ-ব্যৱস্থা কোনোটোকে উলাই নকৰিছিল। বৰং তেওঁ সেই আটাইবোৰকে অধ্যয়ন কৰি তাৰ যৌক্তিকতা বিচাৰ কৰিছিল আৰু নতুন ৰূপত সজাই পৰাই প্ৰচাৰ কৰিছিল। গ্ৰীচ দেশৰ ছোফিষ্ট সকল আৰু চক্ৰেটিছৰ দৰে ওচৰলৈ শিক্ষালাভ কৰিবলৈ অহা সকলো লোককে তেওঁ শিক্ষা দিছিল। ছোফিষ্ট সকলৰ দৰে শিক্ষাদানৰ বাবে তেওঁ পাৰিশ্ৰমিকো গ্ৰহণ কৰিছিল। শিক্ষাদান কাৰ্য্যটোক কনফুচিয়াছে এটা পুণ্যব্ৰত হিচাবে লৈছিল আৰু ৰাজ্যৰ হিত-চিন্তা কৰিব পৰা কেইজনমান লোক উপযুক্ত শিক্ষা দি গঢ়ি তোলাটোৱেই তেওঁৰ শিক্ষাদানৰ উদ্দেশ্য আছিল।

 অকল ৰাজনৈতিক সমস্যাই নহয়, শিক্ষা, শিক্ষাৰ প্ৰয়োজন, জ্ঞান আদি বিষয় আলোচনা কৰিও কনফুচিয়াছে বৰ আমোদ পাইছিল। জগতত প্ৰকৃত জ্ঞানেই আছিল তেওঁৰ মতে উৎকৃষ্ট সম্পদ।

 এদিন এজন শিষ্যই তেওঁক সুধিছিল— “পঢ়াশুনা কৰা সকলোৰে কাৰণে উপকাৰী নে? ই সকলোৰে কামত আহেনে?”

 কনফুচিয়াছে উত্তৰ দিছিল— “তিনি বছৰ কাল মাত্ৰ অধ্যয়ন কৰি কোনো উপকাৰ পোৱা নাই এনে লোক তুমি জগতত বিচাৰি নোপোৱা।”

 আন এজন শিষ্যই সুধিলে— “মানুহে সকলো সময়তে আৰু যি কোনো বয়সতে শিক্ষালাভ কৰি উপকৃত হব পাৰেনে?”