পৃষ্ঠা:কনফুচিয়াছ.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
কনফুচিয়াছ

পঢ়িছা? সেইবোৰত কি পাইছা আৰু সেইবোৰ কি কামত আহিব?”

 কনফুচিয়াছে উত্তৰ দিলে— “মই বিশ্বাস কৰো যে মানুহ জন্মোতে সৎ হৈয়েই জন্মে আৰু শিক্ষা আৰু অধ্যয়নে মানুহক সৎ কৰি ৰাখে। কিন্তু আমি নতুন জ্ঞান আহৰণ কৰাৰ আগতে প্ৰথমে আমি পুৰণি খিনি জনা উচিত। সেই কাৰণেই মই ভাবো আমাৰ পূৰ্ব্বপুৰুষ সকলে দি যোৱা জ্ঞানৰাশি অতি সাবধানে অধ্যয়ন কৰিব লাগে।”

 এই কথাখিনি শুনি লাওৎছেৰ ভীষণ খং উঠিল আৰু কবলৈ ধৰিলে, “তুমি যিবোৰ মানুহৰ কথা কৈছা সেই মানুহবোৰৰ হাড় কবৰত গমি গৈছে। বৰ দম্ভ নকৰিবা আৰু জগতক ন্যায়পৰায়ণতা শিকোৱাৰ বৰ বৰ পৰিকল্পনা এৰি পেলোৱা। এই ভাব-বিলাসে কোনো কাম সাধিব নোৱাৰে। মোৰ কব লগা এয়েই আৰু এয়েই সকলো।” ইয়াকে কৈ তেওঁ গুছি গ’ল।

 কনফুচিয়াছক পিচত বন্ধুবান্ধব সকলে লাওৎছেৰ লগত সাক্ষাৎ কৰি কেনে পালে সুধিছিল। কনফুটিয়াছে অলপ সময় ভাবি থাকি উত্তৰ দিছিল যে লাওৎছে অসাধাৰণ আৰু তেওঁৰ মতো অসাধাৰণ। কনফুচিয়াছ আৰু লাওৎছেৰ মাজত কোনো মিল নাছিল। লাওৎছে আছিল আদৰ্শবাদী, অতীন্দ্ৰিয়বাদী আৰু কল্পনা-প্ৰবণ। কনফুচিয়াছ আছিল বাস্তববাদী, সাংসাৰিক আৰু জাগতিক ধৰ্ম্মী। ৰাজধানীত থকা